পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২১৪ অসমীয়া সাহিত্যৰ চানেকি। বস্তু গ্ৰহণ নকৰিবলৈ সদাই দৃঢ়ৰূপে কৈছিল। মিন কুটুম্ব সকলৰ পৰাও সেইৰূপ দ্ৰব্য গ্ৰহণ ভাল নাপাইছিল। | ফুকনে কাকে। হিংসা নকৰিছিল। আৰু তেওৰ যে কোনো শত্ৰু আছিল এইটো এই পৰ্যন্ত জন। যোৱা নাই। বিষয় কাৰ্যানুৰোধত যাক দও কৰিছিল, সিও তেও ৰ প্ৰতি সন্তুষ্ট আছিল। আন কি তেও ৰ মৃত্যুৰ দিনা তেও ফাটেকত দিয়া কয়দী সকলেও অপেন পৰিবাব মৰাৰ দৰে শোক আৰু বিলাপ কৰিছিল। পৰৰ উপকাৰ কৰা তেওৰ এটা প্ৰধান ব্ৰত আছিল। প্ৰায় সকৰে পৰা গুণাভিৰামক পালন কৰি কলিকাতাত নিজ ব্যয়ে পঢ় ৱাই বিবাহ দিয়ালে। ধৰ্ম্মদত্ত আৰু কম্বুককে। সেইৰূপে পঢ়,বাই বিবাহ দিয়ালে। দুৰ্গাচল আৰু ব্ৰজ সুন্দৰী- কো প্ৰতিপালন কবি শিক্ষা দিয়ালে। | আৰু তেওঁবিলাকৰ সম্পত্তিৰ তত্ববধান কৰি উপকাৰ কৰিলে। তেওঁৰ আশ্ৰিত সকলৰ কথাকে নকঁ ও দেশৰ আন লোককে। কায কৰ্ম্ম দি সহায় কৰিছিল। দুঃখিত দৰিদ্ৰ সকলক আৰু তেওঁৰ মিন কুটুম্ব সকলক সদাই যাক যেতিযা যি। লাগিছিল তাক দি সাহায্য কৰিছিল। নগাওঁত তেওঁ যি কেই বংসৰ আছিল তাৰ। প্ৰতি বৎসবে তেওঁৰ কোনো না কোনো গাশিতব এটি বিবাহ হৈছিল। দেশীয় লোক সকলৰ নিমিত্তে তেওৰ ইমান যত্ন আছিল সে তেওঁ যেন সেই সকলক হাতত ধৰি তুলিব। তেওঁ সদাই স্কুল বিলাকলৈ গৈ পৰীক্ষা কৰিছিল আৰু ছাত্ৰ সকলক অনেক উৎসাহ বাক্য কৈছিল। দেশীয় যুবক সকলক নানা প্ৰকাৰ উৎসাহ বাক্যেৰে উন্নতিৰ বাট দেখুৱাইছিল। আনেকে তেওঁৰ শিক্ষাৰ পৰা লেখিবলৈ শিক্ষা। কৰিলে। গবৰ্ণমেণ্টৰ কাৰ্য কাৰক সকলক তেওঁ' সদাই অসম দেসৰ উন্নতিৰ বিষয়ে সুযোগ পালেই জনাইছিল। যি কোনো লোকে তেওঁলৈ চিঠি লিখিছিল সেই সকললৈ সময় পালে উৎসাহজনক কথা লেখিছিল। কোনো লোকৰ পীড়া হলে তেওঁ তাৰ চিকিৎসাৰ বিষয় বৰ যত্ন কৰিছিল। দৰিদ্ৰ হলে তাক নিজ ব্যয়েৰে চিকিৎসা কৰাইছিল। হাৰ মৰৰ ঘাই জনা অধিকাৰ আৰু ৰঞ্জয় ফুকনৰ অচিকিৎস্য ব্যাধি হোৱাত তেওঁ ডাক্তাৰ চাহাবৰ দ্বাৰাই অস্ত্ৰ চিকিৎসা কৰোৱাই ভাল কৰালে। আমাৰ মানুহে ডাক্তৰৰ চিকিৎসা কৰিবলৈ ভয় কৰে। তেওঁৰ উৎসাহত আৰু যত্নতে তেওঁ বিলাক উৎসাহিত হৈ ডাক্তৰৰ চিকিৎসা গ্ৰহণ কৰি ৰোগৰ পৰা মুক্ত হল।