পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪৪
অসমীয়া সাহিত্যৰ চানেকি

ধৰ্ম্ম পথ ধৰা, তেজি পাপ হেৰা
ভজিও খ্ৰীষ্ট সৰন;
পাপ অন্ধকাৰে, কিয় ঘুৰি মৰে,
মুদিয়া দুটি নয়ন?
দিপ্তিতে সঘন, কৰিলে গমন,
অপমান নাহি হব,
অন্ধকাৰে ভাই, চলিলে সদাই,
পথতে উজঁন্তি খাব।
এই হেতু সুন, মোৰ নিবেদন,
খ্ৰিষ্টত কৰা অস্ৰই;
য়িচু বিনে আৰ, নাহিকে উধাৰ,
জানিবা নিচয়ে ভাই।


বলৰাম ফুকুন।

হৰ্ষ বিষাদ।

 প্ৰাণিএ আজন্ম মৰন পৰ্য্যন্ত হৰ্স আৰু বিসাদ, এই দুই অৱস্থাত বিচৰণ কৰি এই লিলাময় সংসাৰৰ সাধ্যনুসাৰে সাধন কৰি স্বতন্ত্ৰ ৰুপে একুটি মনুস্য এই পৰিচয় নিচয় কৰি সংসাৰিক কাৰ্জ্যত দ্ৰিঢ় ৰূপে নিমগ্ন হৈ আছে। এই সংসাৰৰ সমন্ধি জাবদিয় বেৱসায়েই লিলা সদ্ভুত। কিন্তু ইয়াৰ মধ্যত জ্ঞান আৰু অজ্ঞান, এই দুই কথাই লোকক আৰু কাৰ্জ্যকো দুভাগ কৰি নানা বৰ্ণেৰে ভুসিত পসু পক্ষি আদিৰ নিচিনা চিত্ৰ বিচিত্ৰ কৰি, বিচিত্ৰ সংসাৰৰ স্বভাব পৰিচয় দিচে। জদি বোলা জাই, জে জগদিস্বৰে হৰ্স আৰু বিসাদ, এই দুটি অৱস্থা প্ৰাণিক সম্ভোগ কৰাবৰ কাৰণেই স্ৰিষ্টি কৰিচে, তাৰ হাত এৰাবৰ কোনো উপায়ই নাই; সেই কাৰণে লোকে কোনো সময়ত হৰ্স আৰু কোনো সময়ত বিসাদ সম্ভোগ কৰি থাকে। কিন্তু কেৱল এই