পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪১
স্বৰগৰ বিবৰণ

বুজা তুমি মনে মনে, তেনে ৰুপ দাৰুন থানে,
কি মতে সেই জাতনা ভুঞ্জিব?
চইতানৰ ভুতগন, সাস্তি দিব অনুখ্যন,
হাঁহাঁকাৰ সৰ্বদা উঠিব।।
প্ৰচণ্ড অগ্নিৰ সিখা আৰু গন্ধকৰ তিখা
নুনুমাব, নাহি আৰু বান;
ক্ৰন্দন কোলাহল হাই, দাঁত কৰচনি ঠাই,
হাই হাই, কি দাৰুণ থান!
তুমি জদি পাপি হবা, সেই নৰকতে জাবা,
মনে মনে দেখাহা বুজিযা,
এতিযা সময আচে, লোআ খ্ৰিস্টে ত্ৰান জাচে,
পাপ কৰ্ম সকলো চাৰিয়া।
মোৰ নিবেদন ধৰা, খ্ৰিস্টতে আস্ৰই কৰা,
নহযোক বাক্যে অবিস্বাসি;
জতে নাই কোনো দুখ, কেৱল অনন্ত সুখ,
এনে ঠাইতে হবা সৰ্গ বাসি।

স্বৰগৰ বিবৰন।

স্বৰগ বিসয় সুনা মহাসই,
বিবেচনা কৰা চিতে,
স্বৰ্গ থান পুন্য জি পাপ সি ধন্য,
স্বৰ্গিগন থাকে তাতে।
স্বৰ্গ অতি প্ৰেমমই সুপবিত্ৰ থান,
ইস্বৰৰ ভিত্য লোকে ভুঞ্জে পুন্যদান;
কেৱল সুখৰ ভোগ আচে সেহি ঠাই,
ত্ৰান প্ৰতিফল পাই, দুখ মাত্ৰ নাই।