পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৪০
অসমীয়া সাহিত্যৰ চানেকি

এই হেতু সুনা ভাই মোৰ নিবেদন,
য়িচুত আস্ৰয় ললে পাইবা জিৱন;
কৰিবা বিস্বাস বন্ধু, চাৰি পাপ মতি,
বিস্বাসে পাইবা ত্ৰান, ত্ৰানেই সদগতি।
ইহাতে পাপৰ খেমা হইবেক ভাই,
এৰাইব সৰ্বদুখ, আৰু ক্লেস নাই।
কৰজোৰ কৰি মই কৰোঁ নিবেদন,
সবে মানা মোৰ সত্য সুনিয়া বচন।
সুনা সৰ্ব বন্ধুগন, কৰিয়া প্ৰত্যই,
খ্ৰিস্টক ভজিলে মুক্তি পাইবা নিচই;
সকল নৰক ভই আৰু নেপাইবা,
স্বৰ্গত আনন্দে মহা বসতি কৰিবা।

নৰকৰ বিবৰণ।

পাপতে নৰকে জাই, অনন্ত জাতনা পাই,
সেই দুখে মজে সৰ্বকাল;
পাপ কৰ্মে মহা ভাৰ, বিবেচনা কৰা তাৰ,
পাপ কৰ্মে নৰকৰ জাল।
কৰি আচা নানা পাপ, সেসে হব মনে তাপ,
নুবুজা কি জাতনা ঘটিব,
কুকৰ্মৰ পৰা মন, নেপালটাই জেই জন,
ইস্বৰৰ কোপে সি পৰিব।
নাহি তাত ত্ৰান উপাই, প্ৰচণ্ড ক্ৰোধৰ ঠাই,
নৰক জাতনা ঘটে জাৰ;
নৰক জাতনা থান, বহু তাতে অপমান,
ঘোৰ অন্ধকাৰ আচে তাৰ।