পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১১৪ অসমীয়া সাহিত্যৰ চানেকি। পৰ্বতিয়া ফুকনক পঠোআত বৰ ফুকনে আগেই বুজ পাই ১৮১৫ সঁকৰ আহিন মাহত ওআইটিৰ পৰা পলাই, বুৰা গোহাঁইক প্ৰতিকাৰ দিবৰ নিমিতে মানৰ দেসলৈ গৈ মান ৰজাৰ তৰ পৰা ১৪,০০০ সৈন্যৰে উজনিএ ওলালহি। এনেতে বুৰ। গোহই ডাঙ্গৰিয়া মবিলত ৰুচিনাথ বুৰা গোহাঁই হল; পাচে বৰ ফুকন সসৈন্য জোৰহাট পাব লগিয়া হলত বুবাগোহই গুআহাটিলৈ ভাগি গল। বৰ ফুকন সৰ্গদেৱে সৈতে সাখ্যাত কবি মন্ত্ৰি ফুকন হৈ বুৰাগোহাঁইৰ ফালৰ কেত- বোৰ মানুহক দণ্ড কৰিলে। পাচে বুৰগোহাঁইক মাতি পঠোআত নহাত মন্ত্ৰি ফকনলৈ সংসই কৰি নাহে বুলি ৰাজমাও ইত্যাদিএ পৰামৰ্শ কৰি মন্ত্ৰি ফুকনক ৰুপচিং চুপাদাৰৰ হতুআই কটালে, কিন্তু তেও বুৰাগোহাঁই নাহি ব্ৰজনাথ গোহাঁই দেৱে সৈতে সসৈন্য উজাইগৈ চন্দ্ৰকান্ত সৰ্গদেৱক ভাঙ্গি পুৰন্দৰ সিংহ সৰ্গদেৱক ৰজা পাতি সেৱা কৰিলে, এই কথা মানৰ ৰজাই সুনি ৩০০০০ সৈন্যৰে আলুমিঙ্গি বৰগোহাঁইক পঠিয়াই চন্দ্ৰকান্ত সৰ্গদেৱক আকও ৰজা পাতিলে। পূৰন্দৰ সিংহ সৰ্গদেৱ চিলমাৰিলৈ ভাগি গল। পাচে থেৰেমিয়াল কচাৰিৰ পতল বৰবৰুআই জপুৰত কোঠ পাতি মানেৰে বণ কৰিবৰ মনস্থ থকাত মান ৰজাই চন্দ্ৰকান্ত সিংহ সৰ্গদেৱলৈ ৰাজ জোগ্য অলঙ্কাৰ দি সঁজাতি ফুকনে সৈতে মিঙ্গিমহা তিলোআক পঠোআত সিহতে বৰ বৰুআৰ প্ৰাৰম্ভ দেখি তাক চলকৈ মাৰিলে। তাতে সৰ্গদেৱে মান অমিল ৰুপে আহিছে বুলি বুৰা- গগাহাঁইক বণ কৰিবলৈ আগ্যাদি গুআটিলৈ ভটিয়াই গল। উজনিত মানে বন জিকি বুৰা গোহাঁইক বন্দি কৰি মিলৰুপে সৰ্গদেৱলৈ কটকি পঠিয়ালে, নহাত ৰণ হল, বনত ঠাৱৰিব নোৱাৰি আহাটিৰ পৰা ভাগি গল।। পাচে মিংগিমহাতিলোআই সৰ্গদেৱত নিৰাসা হৈ মান ৰজালৈ দিয়। কুআঁৰিৰ ভায়েক জেগেস্বৰ সিংহক লোক দৰ্শক ৰুপে ৰজা নাম দি ১৮২১ সঁকৰ পৰা নিজে ৰাজ্য সাসন কৰিব ধৰিলে। সেসত চন্দ্ৰকান্ত সিংহ সৰ্গদেৱে সৈন্য লৈ হাদি চকিৰ পৰা গুআহাটি আক্ৰমণ কৰি ক্ৰমে উজাই মানক জিকি মহগৰ পালে, মানৰো দেসৰ পৰা অনেক সৈন্যৰে মিংগিমহাবাহুল বৰ গোহই পালেহি। তাতে ৰণ লগাত মহগৰত সৰ্গদেও ঘাটি ১৮২২ সঁকত ভটিয়াই পৰ দেসলৈ গল। এনেতে মানৰ সেনাপতিএ কম্পানিৰ ৰাজ্যৰ গুআলপাৰাত থকা ডেবিডচন চাহাবলৈ চন্দ্ৰকান্ত ৰজাক আশ্ৰয় লোঅ সুনি, বলকৈ জতে থাকে তাৰে পৰা আনি- বৰ আগা পাইৰ্চো বুলি, কাকত লিখাত ঢাকাত থকা কম্পানিৰ চিপাহিৰ অধিপতিলৈ