পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

লৰাৰ মিত্ৰ। ১১১ তেওঁ নিতৌ অতি সোনকালে উঠিচিল, আৰু আন কোনো বনুআ তেওঁতকৈ আগৈ উঠিলে বৰ অসন্তোস পাইচিল। তেওঁ বিদ্যাত নিপুন হবলৈ জি অসম্ভব। স্ৰম কৰিচিল তাৰ প্ৰমান এটা এই; তেওঁ গ্ৰিক দেসব প্ৰধান পুৰাত্ৰিত বিবৰণৰ পুথি আপোন হাতেৰে আঠ বেলি লিখিচিল, এই অভিপ্ৰাই কবি জে তেনেকৈ -লিখিলে সেই গ্ৰন্থৰ ভাসা তেওঁৰ মনত থাকিব। এনে আচৰিত শ্ৰম কৰি দিমস্তিনিচ সেসন এনেহে সদ্বতা হল জে তেও বক্তিতা কৰিৱ ধৰিলে তাকে সুনিবলৈ গ্ৰিক দেসৰ সকলো ঠাইৰ পৰা মানুহবোৰ জুম বান্ধি বান্ধি আথিনি নগবলৈ আহিচিল। অচম দেস স এ আক্ৰমন কৰা কথা। Invisions of Assum অতি পুৰ্বে গোটেই অচম দেসকে কামৰূপ বুলি চিল, আৰু তাক চাবি পিঠ। কবি ভাগ কৰা হৈচিল, অৰ্থাত কাম পিঠ ৰত্ন পিঠ, স্বৰ্ণ পিঠ, আক সৌমাৰ পিঠ। এই কামৰূপত পুৰ্বৰে পৰা অনেক ৰাজবংসে বাজ্য সাসন কৰি আহিছে। সকলোৰে আদিতে মহিৰং দানব ৰজা আচিল, তেওঁৰ পাচত তেওঁৰ বংসবে চাৰি জনা ৰজা হলত নৰকাসুব ভগদত প্ৰভিতি ৰজা হৈ থাকে, আৰু নৰকৰ বংসৰে অনেক ৰজা হৈ কামৰূপ ক্ৰমে সাসন কৰে। নৰক বংসৰ পাচত খেলিয় বংস তাৰ পাচত ব্ৰহ্মপুত্ৰৰ বংস, তাৰ পাচত বাবে ভুয়া, তাৰ পাচে মচলমান বস ক্ৰমে ৰাজ্য শাসন কৰে। সেসত সিৰ বংসিয় বিসিংহ আৰু নৰনাৰায়ন ক্ৰমে ৰজা। হল। নবনাৰায়ন ৰজা অপুত্ৰক আচিল, সেই নিমিতে জুববাজ চিলাৰাইৰ পুতেক বসুদেৱক তোলনিয়া পুত্ৰ কৰি ৰাখিলে, কিন্তু এনেতে তেওঁৰে। লখমিনবায়ন নামে পুত্ৰ জনমিলত তেওঁৰ বাজ্য দুয়োকো ভগাই দিলে। পাচে তেওঁমৰিলত দুয়ো ৰজাই দন্দ কৰিব ধৰিলে, পাচে বসুদেৱৰ পুতেক পৰিখিতনাবায়নেও সেইৰূপে বিবাদ কৰাত লখমিনাৰায়ন আওৰঙ্গজেব বাদস্তাৰ আই লোঅত তেওঁ সেনা পঠাই পৰিখিতক ধৰোআত তেওঁৰ ভায়েক বলিত নাৰায়নে ইন্দ্ৰ বংসিয় স্বৰ্গদেও সকলৰ সৰনাগত হোত তেতিয়াৰে পৰা কামৰূপ ইন্দ্ৰ বংসিয় অচম ৰজাৰে অধিকাৰ হল। উজানতো বাৰে ভুয়াৰ অধিকাৰৰ পৰা নানা মণ্ডলে ভাগ হৈ আচিল। ব্ৰহ্মপুত্ৰৰ উতৰ পাৰে উতব পুব কোনৰ সদিয়াৰ পোনে চুটিয়া।