অসমীয়া সাহিত্যৰ চানেকি মানুহক কথা নকলে, আৰু কোনেও জদি তাত কিবা সোধে, তেও সি উতৰ কৰিবলৈ মন নিদি এ। নিসেধ হোআ ঠাইতে জোআ এজনৰ নিচিনাকৈ গল; আৰু সংসাৰ গিয়ানিৰ বুধিৰে চলিবলৈ জি বাট এবি গৈচিল, সেই বাট আকও নেপাই মানে মোৰ ৰখ্যা পৰিল বুলি ভাবিব নোআৰিলে। কালক্ৰমে খ্ৰিষ্টীয়ানে সেই সৰু দুৰৰ ওচৰ পাই, তাৰ ওপৰলৈ চাই এই কথা লিখা দেখিলে, চপৰিও, তেহে তোমালৈ দুআৰ মুকলি কৰা হব। তাতে সি দুআৰত বাৰে বাৰে ঢপৰিয়াই, এই কথা গাবলৈ ধৰিলে, ভিতৰতে জি জন অচে, মেলিবনে তেওঁ দুআৰ? বন্দি বৰ অজোগ্য পাত্ৰ। দৰ্শন পামনে অধিকাৰ? তেন্তে প্ৰভুৰ গুন প্ৰসংসা গানকৈ তুতি নেৰিম আৰ! ' এইৰুপে চপৰিয়াই থকাত সেসে হিতবাঞ্চক নামে এজন গম্ভিৰ মানুহ দুআৰলৈ আহি সুধিলে, দুঅৰত মৰিয়াইচে কোনে? কৰ পৰা আহিছে আৰু কি লাগে? | খি ষ্টিয়ান। হে আতা, ইয়াত ভাব পো৷ এটা দুখিত পপি মানুহ আচে। বিনাস নগৰৰ পৰা আহি, আগলৈ হব লগা ক্ৰোধৰ পৰা উধাৰ জেন পাও', চিওন পৰ্বতলৈ জাবলৈ ধৰিৰ্চো আৰু তালৈ বাট এই দুআৰে গলেহে হই, ইয়াকে সুনিৰ্চো, মোলৈ দুআৰ মেলিবলৈ আপোনাৰ জদি ইচা আছে, তাক জানিবলৈ মোৰ নিবেদন। | হিতবাঞ্চকে বোলে, সকলো মনে মোৰ এই ইচা, ইয়াকে কৈ দুআৰ মেলিলে। খি ষ্টিয়ান সোমাওঁতেই হিতবঞ্চকে তাক হাত দি টানি নিলে, তাতে খি ষ্টিয়ানে সুধিলে, ইয়াৰ কাৰন কি? তেতিয়া তেওঁকলে, এই দুআৰৰ কিছু আঁতৰতে বেলজিবুব নামে এজন সেনাপতি থকা এটা সকত কাৰে ঘৰ আচে, সি আৰু লগৰবিলাকে এই দুআৰলৈ মানুহক আহিবৰ দেখিলে, সিবিলাক নৌ সোমাওতেই জেন মৰিব, এই নিমিতে সেই কাৰেঙ্গৰ পৰা বান মাৰি থাকে।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১১৬
অৱয়ব