পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v3p1.djvu/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

MA BI vW OL LI D" AHAR cdLLEGr $& rta. অকণোদয়। -- 00- জাত্ৰিকৰ জাত্ৰা। 'The Pilgrim's Progress. | এই জগতৰ অৰণ্যৰ মাজে মই ফুৰি জাওতে জি এখন ঠাইত এটা গীত আচিল, এনে ঠাই পালেহি। তাতে পৰি সুই থাকোতে এক সমাজিক দেখিলোঁ। গাত ফটাচটা কাপৰ পিন্ধি, আপোনাৰ ঘৰৰ ফাললৈ পিঠি দি, হাতত এখন পুগি ধৰি, পিঠিত বৰ গধুৰ বোকোচা বন্ধ৷ থিয় হৈ থকা এটা মানুহক দেখিলোঁ। তাক চাই থাকোতে পুথি মেলি পঢ়িবৰ দেখিলে; আৰু পৰ্তি চাই সি কঁপি কঁপি কান্দি বলৈ ধৰিলে। পাচে আৰু নিজম দি থাকিব নোআবাত সি বব অসন্তোস মাতেৰে এটাহ পাৰি বুলিলে, মই কি কৰিম? এনে অৱস্থা হলত সেই মানুহ ঘৰলৈ গৈ আপোন লবা তিৰোতাই নুবুজিবলৈ জিমানলৈকে পাৰিচিল আপোনাৰ পেটত দুখ দমনকৈ ৰাখি থৈছিল, কিন্তু অসন্তোস বাহি গলত সৰহ কাল ৰাখিব নোআৰিলে; এই হেতুকে ক্ৰমে তিৰোতা আৰু লৰাৰ। আগত পেট ভাঙ্গি এই ৰুপে কবলৈ ধৰিলে, বোলে অ মোৰ প্ৰিয়া, আৰু মোৰ পেতৰ লৰাটিহত, তোমালোকৰ অতি বেথাৰ মিতিৰ জি মই, মই সৰ্বনাস হৈক্টো; কিয়নো মোৰ ওপৰত এটা বোজাই হেঁচি ধৰি আচে; আৰু মই বাতৰা পাই স্বৰূপকৈ জানিচো, আমাৰ এই নগৰ স্বৰগৰ জুইৰে পুৰি জাব; সাৰিবলৈ জদি কোনো উপাই নোলাই, সেই ভয়ঙ্কৰ বিনাসৰ কালত তুমি মোৰ ঘৈনি, আৰু মোৰ প্ৰিয় লৰাটিহঁত, তোমালোকো মোৰে সৈতে বৰ দুখেৰে সৈতে সৰ্বনাস হবা; এতিয়া হলে একো উপাই নেদেখো। এই কথা শুনি তাৰ পৰিয়ালৰ বৰ উৰুমি লাগিল; তাৰ কথা স্বৰূপ বুলি পতিয়ালে, এনে নহই; তাৰ মুৰত পাগল বায়ু সোমাই বলিয়া কৰা জানিলে। তাতে গধুলি বেলি হোত টোপনিত মুৰৰ বায়ু সান্ত হব বুলি আসা কৰি বেগাই খাটত সুআই থলে, কিন্তু দিনত জেনে দুখ, ৰাতিও তেনে