পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/৩২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪০
অসমীয়া সাহিত্যৰ চানেকি।

হেন শুনি মাৰ্কণ্ডেয় ঋষি সৰ্ব্বজান।
কহিবে লাগিলা পাছে মনুৰ আখ্যান॥
মাৰ্কণ্ডেয় নিগদতি শুনা মুনিবৰ।
সাধু সাধু পুছিলাহা কথা মনোহৰ॥

অষ্টমযে মনু সাবৰ্ণিক বোলে যাক।
প্ৰপঞ্চিয়া কহে শুন তাহাৰ জন্মক॥
সূৰ্য্যৰ তনয় সবৰ্ণীত হয়ে জাত।
সিহেতু সাবৰ্ণি নাম হৈলন্ত প্ৰখ্যাত॥

মহামায়া অনুকুলে সূৰ্য্যৰ সন্ততি।
যেন মতে হৈব মন্বন্তৰে অধিপতি॥
তাকে বিস্তাৰিত কৰি কহিবো সত্বৰ।
সাবধানে শুনিবা ভাগুৰি মুনিবৰ॥

পূৰ্ব্ব দেবগুৰু বৃহস্পতিৰ ভাৰ্য্যাত।
চন্দ্ৰ তনয় ভৈলা বুধ নামে খ্যাত॥
একদিন প্ৰতি বুধে নন্দন বনত।
প্ৰযটি ফুৰন্ত পাছে কৌতুক মনত॥

ঘৃতাচিৰ গৰ্ভে জাত কুবেৰৰ জীউ।
তাহাৰ আগত আসি কন্যা ভৈলা ঠিউ॥
চিত্ৰা নামে সিতো বনে যুবতী সুন্দৰী।
ত্ৰৈলোক্যত ৰূপে গুণে যাক নাহি সৰি॥

নিৰ্য্যান থানত বুধে তাঙ্ক লাগ পাইলা।
গন্ধৰ্ব্ব বিধিয়ে সেহি কন্যাক বিহাইলা॥
তাহাৰ সন্ততি এন্তে স্বাৰোচিষ নাম।
তাহাৰ তনয় ভৈলা চৈত্ৰ গুণধাম॥

স্বাৰোচিষ মন্বন্তৰে চৈত্ৰৰ বংশত।
জন্মিলা ক্ষত্ৰিয় এক নামত সুৰথ॥
সমস্তে পৃথিৰ সিতো ভৈলা অধিপতি।
পুত্ৰৱতে প্ৰজাক পালন্ত মহামতি॥