পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p3.djvu/২৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮৮
অসমীয়া সাহিত্যৰ চানেকি।

এহি ভাবি মনে  কৰিলা ক্ৰন্দনে,
  মৰিবাক কৰি মন।
চলিলা সত্বৰ  গঙ্গা সাগৰৰ,
  তীৰক লাগি দুৰ্জ্জন॥
কৰি তীৰ্থ স্নান  হুয়া সাৱধান,
  তুলসী মালা পিন্ধিলা।
গঙ্গাক প্ৰণামি  কৰি কৃতাঞ্জলি,
  প্ৰচেষ্টে এহি প্ৰাৰ্থিলা॥
ভীষ্মৰ জননী  শুনা মোৰ বাণী,
  প্ৰাণ ছাৰে তযু জলে।
এহি প্ৰাণ ছাৰি  সুলোচনা নাৰী,
  পাওঁ যেন অবিকলে॥
তাৰ এহি বাণী  দূতগণে শুনি,
  তাক বান্ধি ধৰি নিলা।
আগত বীৰৰ  জোগাইলা সত্বৰ,
  বীৰবৰে আদেশিলা॥
আঙ্ক লোহা দিয়া  ভালমতে নিয়া,
  বন্দীশালে ৰাখিয়োক।
পাঞ্চালী সুন্দৰ  ভণে দ্বিজবৰ,
  সামাজিক শুনিয়োক॥

ব্যাস মুনি কহন্ত শুনিয়ো মুনিবৰ।
যি বেলাত ভাঙ্গিলা কন্যাৰ স্বয়ম্বৰ॥
বিস্ময় দেখিয়া প্ৰজা সব চাহি আছে।
গুণকৰ ৰাজা কান্দিবাক লৈলা পাছে॥

মহিষী সহিতে ৰাজা ভূমি লুটি পাৰি।
হাঁ সুলোচনা বুলি হিয়ে মুষ্ঠি হানি॥
ত্ৰিবিক্ৰম ৰাজা পাছে আনি বীৰগণ।
বিচাৰিবে প্ৰতি কৰিলেক নিয়োজন॥