হেৰা দেখাঁ শিশুপাল, নৃপতি পাপিষ্ঠ ইটো,
হাসি বহিয়াছে মোক চুম্পি।
বিস্তৰ বিলম্ব ভৈলে, আসিয়া নপাইবাঁ মোক,
মৰিবো তোমাত প্ৰাণ সম্পি॥
এহি বুলি আউৰ কিছু বুলিবাক নপাৰিলা,
লোতকে চলল ভৈল আখি।
অনন্তৰে বেদ নিধি, ব্ৰাহ্মণে বুলিবে লৈলা,
ৰুক্মিণীৰ হেন দুঃখ দেখি॥
ইকাৰ্য্যক লাগি আই, চিন্তা দুঃখ পৰিহৰ,
চক্ষুৰ মলছ তই পানী।
আছন্তোক কৃষ্ণদেৱ, আকাশৰ চন্দ্ৰমাক,
হাততে দিবাক পাৰোঁ আনি॥
মোহোত কহিলি যেবে, সাধিবোঁ সকলে কাৰ্য্য,
স্থিৰ কৰি থাক দৃঢ় চিতে।
বচন শিলাৰ ৰেখা, মোৰ মুনিষাই দেখা,
আনিবোঁ কৃষ্ণক তিলকতে॥
চলি যাও দ্বাৰকাক, মোৰ যেবে শুনা বাক,
কদাচিতো নকৰিবা চিন্তা।
হেন শুনি বৰনাৰী, আঞ্চলে মুছিল মুখ,
তুষ্ট ভৈল ভীষ্মক দুহিতা॥
অতিশয় ৰঙ্গমনে ব্ৰাহ্মনক প্ৰদক্ষিণে,
ৰুক্মিণী কৰিলা নমস্কাৰ।
আন জনে নজানয়, গোপ্য কৰি যাইবাঁ গুৰু,
কথা যেন নহয় প্ৰচাৰ॥
ব্ৰাহ্মণে বোলন্ত মোক, শিখাইবাক নলাগয়,
ই কাৰ্য্যে আপুনি মই ডাঠ।
এহি বুলি বেদনিধি, ৰুক্মিণীক প্ৰবোধিয়া,
ধৰিলন্ত দ্বাৰকাক বাট॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৯৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৩
ৰুক্মিণী হৰণ।