সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
অসমীয়া সাহিত্যৰ চানেকি।

সুন্দৰ তৰুণ তনু,  ত্ৰৈলোক্য মোহন মূৰ্ত্তি,
 প্ৰথম বয়স অভিমত।
ভযু ৰূপে গুণে ভূলি, নবৰিব স্বামী বুলি,
 কোন তিৰী আছে সংসাৰত॥
হেনবা বুলিবা কন্যা, অন্তেসে পুৰত থাকাঁ,
  কেন মতে লাগ পাইবোঁ যাই।
বন্ধু বান্ধৱক মোৰ,  বধিবাক নলাগয়,
 শুনা কহোঁ তাহাৰ উপায়॥
বিবাহৰ পূৰ্ব্ব দিনে, অন্তেস পুৰব হন্তে,
 যাইবো ভৱানীক পূজিবাক।
তোমাৰে সে বাঞ্ছা যদি, আছে মোক প্ৰভুদেৱ,
 সেহি বেলা হৰিবাঁ আমাক॥
মোক যেবে হেলা কৰি  নেনা অসি প্ৰভু হৰি,
 থাকিবোহো এহি মতে পৰি।
প্ৰাণান্তিকো একো কালে,  শিশুপাল নৃপতিৰ,
 ছাঁয়াতো নেদিবোঁ মই ভৰি॥
তযু চৰণক যেবে, নেদেখোঁহোঁ প্ৰভুদেৱ,
 দিলোঁ পৰিছেদা এহিমানে।
নিৰাহাৰ ধৰি ব্ৰত তোমাতেসে স্ত্ৰী বধ,
 দিয়া তেবে মৰিবোঁ পৰাণে॥
এহি বুলি বেদনিধি, ব্ৰাহ্মণক সম্বোধিয়া
 মাতন্ত ৰুক্মিণী মহা সতী।
খণ্ডায়োক হৃদি তাপ, চালিয়োক গুৰু বাপ,
 যথাত আছন্ত যদুপতি॥
যতেক বুলিলোঁ মই, তাতো শত গুণ কৰি,
 আপুনি কহিবাঁ তুমি কথা।
মাধৱক মাতি বুলি,  যেনে তেনে আনিবাঁহা,
 যেবে তযু মোত আছে বেথা॥