পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯১
ৰুক্মিণী হৰণ।

ৰুক্মিণী হৰণ।

ছবি।

কৃষ্ণৰ চৰণে মোৰ, হেন কথা কহিবাহাঁ,
 ৰুক্মিণী বুলিলা হেন বাক।
তোমাৰ চৰিত্ৰ গুণ, দেশান্তৰী মুখে শুনি,
 স্বামী ভাৱে বৰিলে তোমাক॥
ইঠাৱৰে পৰা হেৰা, সহস্ৰ প্ৰণাম কৰোঁ,
 জানু শিৰে চপৰায়া মাথ।
সপোনে সচেতে মই, তোমাকেসে চিন্তি আছোঁ,
 তুমি মোৰ হৈবা প্ৰাণনাথ॥
কায় বাক্য মনে মই, তোমাৰেসে ভাৰ্য্যা হৈবোঁ,
 মোহোক নেনোক শিশু পালে।
প্ৰমত্ত সিংহৰ আগে, বঁটা থৈয়া আছে যেন,
 নহৰোক অধম শৃগালে॥
জৰাসন্ধ আদি কৰি, যতেক নৃপতি আছে,
 তোমাৰ আগত যেন তৃণ।
প্ৰচণ্ড বাঘৰ আগে, যেন গীৱ ঘেলাৱয়,
 অতি ক্ষুদ্ৰ মৃগ যে হৰিণ॥
ত্ৰৈলোক্য ঈশ্বৰ তুমি পৰম পুৰুষ হৰি,
 তোমাক নো কোন জনে আটে।
কেন আছা বাট চায়, দিনে এক যুগ যায়,
 মোক কিয় নেনা আসি ঝাণ্টে॥
ব্ৰহ্মা হৰ পুৰন্দৰে, ৰাত্ৰি দিনে বাঞ্ছা কৰে,
 তোমাৰেসে চৰণ ধূলাক।
কতবা জন্মৰ ভাগ, পুণ্য বলে পাইবো লাগ,
 তুমি হেন স্বামী সেৱিবাক॥