সবাৰ চক্ষুক পীড়ি আসে ৰশ্মিজালে।
তোমাক অন্বেষ কৰে দশো দিগপালে॥
পুৰাণ পুৰুষ তুমি সনাতন হৰি।
যদুকুলে অৱতৰি আছা ছদ্ম কৰি।
তাতেসে আসন্ত সূৰ্য্যে দেখিবে তোমাক।
বোলা হৰি হৰি উদ্ধাৰিয়ো আপোনাক॥
⸻
ঘোষা॥
গোপাল গোবিন্দ যদু নন্দন।
কৃষ্ণৰ চৰণে লৈলো শৰণ॥
শুনিয়া হাসি চাহি চক্ৰপাণি।
নোহন্ত আদিত্য বুলিলা বাণী॥
মণিৰ ৰশ্মি হুয়া প্ৰকাশিত।
গৃহক লাগি আসে সত্ৰাজিত॥
সত্ৰাজিতে পাছে গৃহক পাইলা।
অনেক মাঙ্গল্য বাদ্য বজাইলা॥
দেৱৰ গৃহে পশি প্ৰণিপাতে।
নিবেদিল মণি বিপ্ৰৰ হাতে॥
মণিৰ মহিমা কি কৈবো আৰ।
সুবৰ্ণ নিতে স্ৰবে অষ্ট ভাৰ॥
যি থানে থাকে সিতো স্যমন্তক।
নাহিক দুৰ্ভিক্ষ মাৰি মৰক॥
নাহিকে ব্যাধি ব্যাঘ্ৰ সৰ্প ভয়।
একো উপসৰ্গ নোপজে তয়॥
দিনেক মণি খুজিলন্ত হৰি।
নিদিলা সত্ৰাজিতে গহ কৰি॥
প্ৰসেন নামে তাৰ ভাতৃ আছে।
কণ্ঠত মণিক পিন্ধিয়া পাছে॥
ঘোড়াত চড়ি মহা ৰঙ্গ মনে।
মৃগক মাৰি ফুৰে বিজুবনে॥