পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৯
একাদশ স্বন্ধ।

কৃষ্ণৰ প্ৰবোধ শুনি পুনৰপি
 উঠি আখি মুখ মুছি।
কৃষ্ণক নিৰখি তমোময় দেখি
 চলিযান্ত পাছ গুছি॥
অৰুণ চৰণ  চাহন্তে দহয়
 শোক অগনিৰ জ্বালে।
হা প্ৰাণনাথ বুলি দিয়া ডাক
 পৰিলা পুনু নিঢালে॥
দেখি হাত তুলি যোৱা সখি বুলি
 ডাকন্ত পুনু মাধৱ।
কৃষ্ণৰ সুদৃঢ় আদেশ শুনিয়া
 উঠিলা দুনাই উদ্ধৱ॥
কৃষ্ণৰ অৰুণ চৰণ পঙ্কজ
 ধৰি হৃদয়ৰ মাঝে।
কৃষ্ণক স্মৰন্তে  কান্দন্তে কান্দন্তে
 ভৈলা দ্বাৰকাৰ বাঝে॥
হা প্ৰাণ নাথ বোলন্তে গাৱত
 অধিক উধাই জুই।
কৃষ্ণৰ চেষ্টাক  চাহিবাক লাগি
 থাকিলন্ত আঁৰ হুই॥



ছবি।

শুনিয়োক সভাসদ মহা ভাগৱত পদ
 মহন্তৰ দেখা কিনো দুখ।
কেতিক্ষণে ধৰে কালে যেৱে আছে ভালে ভালে
 হুয়ো ঝান্তে কৃষ্ণৰ সম্মুখ॥