পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
অসমীয়া সাহিত্যৰ চানেকি।

শোকে মকমকি   কান্দ বিকলে
  কতো চৰণত ধৰি।
সন্তাপতে অতি লোতক তিয়াই
 মাধৱৰ দুই ভৰি॥
কৃষ্ণ উপদেশ জানিয়া নিশেষ
 যদ্যপি পৰম জ্ঞান।
তথাপি কৃষ্ণক   এৰিবে খোজন্তে
 যেন ফুটি যায় প্ৰাণ॥
ভৃত্যৰ সন্তাপ দেখি কৃপাময়
 নয়ন ভৈলা সজল।
উদ্ধৱক বেঢ়ি প্ৰবোধ বোলন্ত
 ত্যজিয়ো মনে বিকল॥
আমাৰ দুখানি পাদুকা অৰ্পিলোঁ
  কৰা শোক পৰিহাৰ।
আকে সেৱা কৰি  থাকা প্ৰাণ সখি
 পালিয়া আজ্ঞা আমাৰ।
উঠা উঠা ঝাণ্টে আৰ দ্বাৰকাত
 তুমি নাথাকিবা ৰই।
কৃষ্ণৰ সুহৃদ আদেশ শুনিয়া
 উঠিলা আকুল হই॥
দুখানি পাদুকা মূৰত বান্ধিয়া
 পুনু প্ৰণামিলা পৰি।
কৃতাঞ্জলি কৰি  পাছে পাছে ভৰি
 চলি গৈলা ধীৰি ধীৰি॥
ভৰি চাৰি গৈয়া থমকি থাকন্ত
  কৃষ্ণৰ চৰণ চাই।
শোকে যায় জ্বলি  হাহা কৃষ্ণ বুলি
 পৰন্ত দুখে দুনাই॥