পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
একাদশ স্বন্ধ।

কৃতাঞ্জলি কৰি প্ৰদক্ষিণ ধৰি
 ফুৰিলন্ত বাৰ সাত।
কৃষ্ণ কৃষ্ণ বড়ি দণ্ডৱতে পৰি
  কৰিলন্ত প্ৰণিপাত॥
চৰণৰ ধুলি  শিৰে লৈলা তুলি
 মিলিল মনে সন্তাপ।
পদ পঙ্কজত মাথা থৈলা থাপি
  কৰন্ত পৰি বিলাপ॥
হে প্ৰাণ নাথ আজি সে অনাথ
  কৰি মোক কৈক যাহ।
কমল নয়ন বদন পঙ্কজ
 পৰিছেদ মোক চাহ॥
ইতো পদ পদ্ম দুনাই নেদেখিব
  কৰিবো কাহাক সেৱ।
ইজন্মক লাগি  আজি এৰি যোৱা
 মোৰ প্ৰাণ ইষ্টদেৱ॥
দেৱৰো দুৰ্লভ দুখানি চৰণ
  কতো পুণ্যে পালোঁলাগ।
চিৰকাল আ সেৱিবে নপালো
 মিলিল মোৰ অভাগ্য।
আৰ কাক দেখি ৰাখিবো জীৱন
 ভৈলো অন্ধ সমূদয়।
এই প্ৰাণ হৰি  পৰিছেদ কৰি
 খানিকে নথাকো চায়॥
এহি বুলি পদ পঙ্কজক তুলি
 ধৰন্ত তুলি মাথাত।
কতো খানি মুখ আখি মুছিলন্ত
 থাপন্ত কতো হিয়াত॥