সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৩০
অসমীয়া সাহিত্যৰ চানেকি।

প্ৰভাতে উঠিয়া বসি চাৰিজন,
  কৰিলন্ত আলোচন।
কেক গৈল আতা নপালো উদ্দিশ্য,
  কৰোহো কৈক গমন॥
চত মহাঘৰ গ্ৰামক লাগিয়া,
  কিবা আতা গৈছন্ত।
আমি সবোআসা তৈকে লাগি যাওঁ,
 এহি বুলি লড়িলন্ত॥
কতো বেলি গৈয়া  গ্ৰাম পাই পাছে,
  কৰিলা তৈতে বঞ্চন।
এক গৃহস্থৰ গৃহে গুপ্তভাৱে,
 বহিলাহা চাৰি জন॥
শুনিলাহা নৰ  কথা মনোহৰ
 গুহ্যতম বিতোপন।
পৰম মঙ্গল ইতো মহাফল,
 ৰসক যশো শোভন॥
ধৰ্ম্ম অধৰ্ম্মৰ বাদ দুই অন্তৰ,
 আছয় সৰ্ব্ব কালত।
ধৰ্ম্মসে ৰহয় অধৰ্ম্ম নাশয়,
 ধৰ্ম্মক ধৰা সতত॥
ধৰ্ম্ম চিৰন্তন অধৰ্ম্ম পতন,
 জানি তাক পৰিহৰা।
সভাসদ যত  কৰিয়া শ্ৰৱণ
 অপ্ৰয়াসে ভবতৰা।