সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২৮
অসমীয়া সাহিত্যৰ চানেকি।

শুনিয়া গোপালে বোলন্ত উপাই,
 আৰ আন নাহিকয়।
পলালে সে কাৰ্য্য  এহি সে আমাৰ,
 যুগুতি হুয়া আছয়॥
শুনিয়া মথুৰা—  দাসে বোলে হিয়া,
 পাইলোহোঁ তাৰা যেন।
ইহাতে থাকিবো  কহিকো নাযাইবো,
 পলাইবো মই কেমন॥
এহি কথা পাছে শুনিয়া গোপাল,
 বুলিলন্ত বচনক।
নপলায়া সিতো গৰ্ব্ব বচনৰ,
 অৱশ্যে পাইবে ফলক॥
এহি বুলি পাছে  উঠি ত্বৰা কালে,
 নামঘৰ ভঙ্গাইলন্ত।
ভকত সবক  ভাঙ্গিয়া ঘৰক,
 পলাইবাক বুলিলন্ত॥
লাগিয়া আমাক  নাচাইবাহা বাট,
 নলইবা বাট কাহাৰ।
যিতো যেন মতে পাৰাহা সত্বৰে
  কৰা কাম পলাইবাৰ॥
এহি বুলি দেৱ  গোপাল গৃহক,
 যায়া কৰি ভোজনক।
মধ্যাহ্ন বেলাত নজানয়া কাত
  কৰিলন্ত গমনক॥
ঘোৰ অৰণ্যত প্ৰবেশিলা তাত,
 দেৱতা গোপাল ৰৈলা।
কহিত শ্ৰীৰাম যদুমণি দোহা,
 গোপালৰ গৃহে গৈলা॥