পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৬
অসমীয়া সাহিত্যৰ চানেকি।

এহিমানে মাগো বৰ  কৃপাময় মহেশ্বৰ
 ছাৰি হেৰ চৰণৰ আগে।
এতেক বোলন্ত মাতি শুনিয়ো উদ্ধৱ বাপ
  কান্দন্ত উদ্ধৱ অনুৰাগে॥
শুনিয়ো বিনয় বাণী বুলিলন্ত চক্ৰপাণি
 হৌক সিদ্ধি মনৰ বাঞ্ছিত।
শুনিয়ো উদ্ধৱ বাপ এড়াই ইতো অনুতাপ
 ভৈলাহা স্বভাৱে কৃত্যকৃত্য॥
কিন্তু ব্যৱহাৰ কৰি মোৰ সংজ্ঞা শিৰে ধৰি
 বদৰিকাশ্ৰমক যায়োক।
গঙ্গাজলে কৰি স্নান জপিবা আমাৰ নাম
 সদায়ে স্মৰিবা মনে মোক॥
মনক নিয়ম কৰি বাকলি বসন ধৰি
 থাকিবাহা ফল মূল ভক্ষি।
তৰিবা সংসাৰ ক্লেশ ভকতিৰ উপদেশ
 প্ৰৱন্ধে থানক দিবা সখি॥
হৈবেক পৰম সিদ্ধি অভ্যাসিবা স্থিৰ বুদ্ধি
 তোমাত কহিলো তত্ত্ব সাৰ।
মোৰ বাক্য শিৰে ধৰি বিলম্বক পৰিহৰি
 এতিক্ষণে এৰা ইতো থান॥



দুলড়ি।

স্বামীৰ বচন শুনিয়া উদ্ধৱে
 উঠিলন্ত চালিগাৱ।
কৃষ্ণৰ বিয়োগে অগনি উধায়ে
 অধিকে আকুল ভাৱ॥