পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮১৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮২০
অসমীয়া সাহিত্যৰ চানেকি।

কৃষ্ণ দেৱতাৰ সুখে কুৰুক্ষেত্ৰে
 পায়া আছে উপদেশ।
কিয় হুইবে সম  কিন্তু গোপীসব,
 আৰাত কৰি বিশেষ॥
এহি কথা লাগি  কৰা কৰি কৰি
 গৈলন্ত তিনিয়ো জন।
গোপালৰ কাছে  কৰিলন্ত পাছে,
 এহি কথা নিবেদন॥
শ্ৰীৰাম যদু-  মণি বোলে বাপু,
 ইটো কথা অঘটন।
গোপীৰ যোগীৰ দেৱৰ ৰাজাৰ
 হুইবেক সম কেমন॥
উপদেশ পৰ গোপিকা সকল,
 হুইবেক লাগে বিশেষ।
শুনিয়া গোপালে বোলা যিতো গোপী
 পায়া আছে উপদেশ॥
সিটো গোপী সব সবাহাতে শ্ৰেষ্ঠ,
 জানিবা নিশ্চয় কৰি।
বৈৰী ৰাজা যোগী বেদ ইতো তিনি,
 নুহিকয় সমসৰি॥
যিতো গোপী সব বান্ধিয়া দুৱাৰ
 ৰাখিলা পূজন কৰি।
সেহিসে গোপিকা সকল জানিবা,
 এহিন্তেসে সমসৰি॥
পুৰুষোত্তমৰ গুৰুৰ লাগিল,
 সংশয় কিছু মনত।
বুলিয়া সমান  কহিলন্ত বাপ,
 আপুনি মোত পূৰ্ব্বত॥