সমললৈ যাওক

পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১৮
অসমীয়া সাহিত্যৰ চানেকি।

শ্ৰীৰাম দেৱৰ আলক ধৰন্ত,
  কৃষ্ণদাস শ্ৰদ্ধা কৰি।
বৰষে আতাৰ জানিবাহা থাকে,
 চক্ৰপাণি আলধৰি॥
দেবতা গোপালে নাম প্ৰসঙ্গক,
 দিলন্ত দুই জনক।
গোপালৰ বাক্যে বসিয়া মোততে,
  কৰা তিনি প্ৰসঙ্গক।
গজলাৰ বাপ থাকন্তে তৰত,
  কৰে তৈৰ কৃত্যকাম।
মুখ্য মুখ্য যত ভকত সকল,
 শুনা তাসম্বাৰ নাম॥
পৰমানন্দ ৰাম– চন্দ অনিৰুদ্ধ,
 আৰু নাৰায়ণ।
পুৰুষোত্তম  ৰামচন্দ সনাতন,
 এহি মুখ্য ভক্ত জন॥
গোপাল দেৱক   কৰিয়া সেৱন
 ভৈল আসি মহাজন।
যবনন্দ ওজাঁ বনমালী ওজাঁ,
 বাসুদেৱ নাৰায়ণ॥
হৰিপতি কৃষ্ণ  জয় ৰাম ৰাম,
 মুৰাৰী হৰি চৰণ৷
নিত্যানন্দ গোপী গুৰু প্ৰাণ হৰি,
 ভগৱন্ত সনাতন॥
জয়ানন্দ গুৰু একাদশ হৰি,
 আতাই দুই ৰাম চৰণ।
গোবিন্দ যে গুৰু হৰিদাস শিশু,
 দাস আৰু নাৰায়ণ॥