পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮১৭
গোপাল আতাৰ চৰিত্ৰ।

বসন ৰূপ পায়া তেতিক্ষণে,
 ব্ৰাহ্মণে প্ৰতিমা দিলা।
পৰম উৎসবে প্ৰতিমা আনিবে,
 গোপালে আজ্ঞা কৰিলা॥
গোপালৰ বাকো  ভকত সকলে,
 তেখন সবে লড়িলা।
চতুৰ্দোল কৰি প্ৰতিমাক লৈয়া,
 কীৰ্ত্তন আগে কৰিলা॥
কীৰ্ত্তন কৰিয়া  প্ৰতিমা আনিয়া,
 সমীপক আসি পাইলা।
কৰিয়া আদৰ দেৱতা গোপাল,
 আগ বাঢ়িয়া আনিলা॥
সেহি সময়ত বনমালী ওজা,
 দেখে দেৱ গোপালক।
পূৰ্ন্নিমাৰ চান্দ আসয় হেৰক,
 বুলিয়া গাইলা গীতক॥
হবি মন্দিৰৰ মধ্যত আসন,
 পাৰিয়া তাতে থাপিল।
পৰিচৰ্য্যা কৰ্ম্ম  কৰিবাক আজ্ঞা,
 সন্যাসী গুৰুক দিল॥
লোক সমস্তক  ফুল চন্দনক,
 দিলাহা কৰি যতন।
গোপালৰ আজ্ঞা শিৰত ধৰিয়া,
 দিলন্ত ফুল চন্দন॥
নামযে ঘৰৰ ওপৰ ফালত,
 ঘৰ দেৱ গোপালৰ।
দক্ষিণ ফালত একে লগে ঘৰ,
 যদুমণি শ্ৰীৰামৰ॥

১০৩