পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৫
একাদশ স্বন্ধ।

ছবি।

কতক্ষণে উদ্ধৱৰ সন্ধুক্ষণ ভৈলা চিত
 অঞ্চলে মুছিলা আখি মুখ॥
নিশ্বাস ত্যজন্ত ঘনে হৃদয় দগধ কৰে
 কৃষ্ণৰ বিয়োগে মন দুঃখে॥
অনন্তৰে ধৈৰ্য্য ধৰি  কৰিলন্ত কৃতাঞ্জলি
 দণ্ডৱতে পৰি মহাবীৰ।
প্ৰেমৰ নাহিকে পাৰ  কৰিলন্ত নমস্কাৰ
  কৃষ্ণৰ চৰণে ছুয়া শিৰ॥
মহা প্ৰেম অনুৰাগে বিনয়ে কৃষ্ণৰ আগে
 শুনা প্ৰভু জগত আধাৰ।
তোমাৰেসে উপদেশ গুচিল নিশেষ আবে
 মোৰ মহা মোহ অন্ধকাৰ॥
সূৰ্য্যৰ আগত থাকে  তাকেসে আন্ধাৰে ঢাকে
 বিজ্ঞান প্ৰদীপ মোক দিলা।
বিষয়ৰ অভিলাষে দূৰ ভৈলা মহা পাশে
  কিনো কৃপা ভৃত্যক কৰিলা॥
অজিসে জানিলো আমি  কিনো কৃপাময় স্বামী
 এত মানে কৰুণা ভৃত্যৰ।
এ প্ৰাণ বন্ধু হৰি তোমাৰ চৰণ এড়ি
 আৰ কোন ভজিবে আনক॥
তুমি জপ যজ্ঞ দান তুমিসে পৰম জ্ঞান
 ঈশ্বৰ পুৰুষ সৰ্ব্ব সাক্ষী।
তথাপি তোমাক ত্যজি  ক্ষুদ্ৰ দেৱতাক ভজি
 দিন দুপৰতে খায় আখি॥
নমো যোগেশ্বৰ স্বামী তযু নিজ ভৃত্য আমি
 হেন শিক্ষা দিবে মোক কোনে।
মুখ্য তম অব মতি তোমাৰ চৰণে ৰতি
 নেৰে যেন নাথ সৰ্ব্বক্ষণে॥