পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৪
অসমীয়া সাহিত্যৰ চানেকি।

লোতকে বেঢ়িল কণ্ঠ নিৰঝাই বাণী।
থাকিলা নমাতি স্তম্ভি সিতো মহামানী॥
অৰুণ চৰণ দুই হৃদয়ত ধৰি।
প্ৰাণ বন্ধু মাধৱৰ গুণক সুমৰি॥
দ্ৰৱ ভৈল চিত্ত আতি উদ্ধৱত বোধ।
সকৰুণ ভাৱে ভৈল কৃষ্ণ নিশবদ॥
শুনা সাৱধানে কথা সবে সভাসদ।
পাপৰ অন্তক মহা ভাগৱত পদ॥
ভাগ্যে আসি ভৈলা ইতো কলিত প্ৰচাৰ।
শ্ৰৱণ মাত্ৰকে কৰে সংসাৰৰ পাৰ।
ইসে শাস্ত্ৰ প্ৰকাশিলে ঈশ্বৰ কৃষ্ণক।
যাহাক ভজিলে তৰি যাতনা নৰক॥
হেনদেৱ ত্যজি যিতো আন দেৱ পূজে।
ৰাক্ষস অসুৰ ঋষি একোও নুবুজে॥
আন দেৱতাক কৰে কেশৱৰ সম।
চিনিবাহা সি সি জন পাতকী পৰম॥
হৈবেক বিষ্ঠাৰ কীট জন্মে জন্মে মৰি।
অৰ্জ্জুনৰ গীতাত কহিলা দেৱ হৰি॥
জানিয়া কৃষ্ণত কৰা একান্ত ভকতি।
বিনাজ্ঞানে কৃষ্ণ কৰ্ম্মে সাধিবন্ত গতি॥
হেন বন্ধু মাধৱক নিচিন্তি আদ্যাপি।
সবে এড়ি ধৰা হৰি চৰণত চাপি॥
পালে গতি ভাগ্য ভকতিক যিতো জন।
তাৰ ক্ষুদ্ৰ কৰ্ম্মত কমন প্ৰয়োজন॥
অমৃতৰ সাগৰত ক্ৰীড়ে যিতো প্ৰাণী।
তাক এড়ি সি কি আৰ খায় খাব পানী॥
জানিবাহা সমস্তে শাস্ত্ৰৰ ইসে মজা।
আন ধৰ্ম্ম কিঙ্কৰ নামেসে তাৰ ৰাজা॥
কৃষৰ কিঙ্কবে কহে এৰা আন কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥