পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কীৰ্ত্তন৷

স্যমন্ত হৰণ

ঘোষা: ভাই মুখে বোলা ৰাম হৃদয়ে ধৰা ৰূপ৷
 এতেকে মুকুতি পাইবা কহিলো স্বৰূপ॥

শুক মুনি বোলন্ত শুনিয়ো পৰীক্ষিত৷
কৃষ্ণক কলঙ্ক দিয়া ডৰি সত্ৰাজিত॥
আপোনাৰ কন্যা আনি দিলেক কৃষ্ণক৷
স্যমন্তক মণি দিলা লগত যৌতুক॥
শুকত সোধন্ত দুনাই ৰাজা পৰীক্ষিত৷
দিলা কিবা কলঙ্ক কৃষ্ণক সত্ৰাজিত॥
কৈত পাইল স্যমন্তক মণি মহাৰত্ন৷
কিহেতু কৃষ্ণক কন্যা দিলে কৰি যত্ন॥
শুক নিগদতি শুনিয়োক পৰীক্ষিত৷
সূৰ্য্যৰ পৰম ভক্ত সখা সত্ৰাজিত॥
তুষ্ট হৈয়া সূৰ্য্যে স্যমন্তক তাঙ্ক দিলা৷
সত্ৰাজিতে মহামণি কণ্ঠত পিন্ধিলা॥
সূৰ্য্য যেন প্ৰকাশিয়া আসৈ দ্বাৰকাক৷
ৰশ্মিয়ে চক্ষুক পীড়ৈ দেখি প্ৰজাজাক॥
আসন্ত আদিত্য বুলি মনত শঙ্কিয়া৷
কৃষ্ণৰ পাশক সৱে যায় লৱড়িয়া॥
সভাত খেলন্ত পাশা প্ৰভু পীতাম্বৰ৷
আথেবেথে দেয় জান প্ৰজা নিৰন্তৰ॥
নমো নাৰায়ণ শঙ্খ চক্ৰ গদাধৰ৷
অৰৱিন্দলোচন গোৱিন্দ দামোদৰ॥
তোহ্মাক দেখিবে লাগি ত্ৰিজগত পতি৷
আসন্ত আদিত্য হেৰা দেখিয়ো সম্প্ৰতি॥