যথাবৃত কথা কহিলন্ত মহাধীৰ।
আনন্দ লভিয়া শুনি আছন্ত শঙ্কৰ॥
বংশীয়ে কহিলা দামোদৰৰ বচন।
পাছে আনিবাহা দ্ৰব্য থাকোক এখন॥
তাসম্বাৰ মনে বৰ সংশয় মিলিলা।
বংশীক সম্বুধি পাছে বচন বুলিলা॥
শুনিয়োক বংশী তুমি বচন আমাৰ।
দামোদৰ পূজা জানা সমস্তে লোকৰ॥
পৰম ঈশ্বৰ জানিবাহা দামোদৰ!
জানিবাহা মোকে বোলে গোমস্তা শঙ্কৰ॥
এহিবুলি তথাত যে মৌন হুয়া ৰৈলা।
পৰম আনন্দ বংশী মনত লভিলা॥
বংশীদেৱ সহিতে শঙ্কৰ আসিলন্ত।
দামোদৰ পাৱে নমস্কাৰ কৰিলন্ত॥
শঙ্কৰ বদতি শুনিয়োক দামোদৰ।
দ্ৰব্য খানি ঘ্ৰাণিয়োক বংশী যে দেৱৰ॥
দামোদৰ বদতি যে শুনিয়ো শঙ্কৰ।
আনায়োক দ্ৰব্যখানি তুলিয়া নাৱৰ॥
হেন শুনি শঙ্কৰ যে ত্বৰিত গমনে।
লোক পাঞ্চি দ্ৰব্য যে অনাইলা তেখনে॥
শঙ্কৰেও নিয়া দামোদৰ আগে দিলা।
বিভাগিয়া দিয়া কিছু আপুনি ৰাখিলা॥
তথাহন্তে শঙ্কৰেয়ো গৃহক গৈলন্ত।
বংশীদেৱ দামোদৰ স্থানে ৰহিলন্ত॥
দামোদৰ স্থানে কতদিন বংশী ৰৈলা।
পৰম সন্তোষে তিনি প্ৰসঙ্গে বসিলা॥
পদ
আত আনন্তৰে দেৱ দামোদৰ শান্ত।
শুনা যেন মতে প্ৰভু বেহাৰে গৈলন্ত॥