ভাল বুলি ৰামৰায় তথায় আছন্ত।
দামোদৰে এক তোলা ৰূপক দিলন্ত॥
ৰূপ তোলা দিয়া পাছে বচন বুলিলা।
ধৰ্ম্ম অৰ্থে মাটি খিনি আপুনি কিনিলা॥
ভাল বুলি ৰামৰায়ে তেখনে উঠিলা।
দামোদৰ চৰণক বন্দন কৰিলা॥
সত্ৰ বান্ধিবাৰ পাছে মাটি দেখিলন্ত।
দামোদৰ সেই স্থানে সত্ৰ বান্ধিলন্ত॥
শঙ্কৰেয়ো দেখি বৰ আনন্দ লভিলা।
দামোদৰ লগে বৰ হৰিষক পাইলা॥
শঙ্কৰে বুলিলা বৰহৰিক বচন।
দামোদৰ পাৱে তুমি কৰিবা অৰ্চ্চন॥
এহি বাক্য বুলিয়া শঙ্কৰ মৌন ভৈলা।
বৰহৰি পাছে দামোদৰ পাশে ৰৈলা॥
এহি মতে দামোদৰে সত্ৰ বান্ধিলন্ত।
ভক্তগণ সমে পাছে তথাক গৈলন্ত॥
বাৰ জনে ভক্ত সমে বসি অনুক্ষণ।
পৰম আনন্দে গাৱে হৰি গুণগান॥
হৰি কথা গাইয়া তথা বসিয়া সদাই।
তাসম্বাৰ নামে আবে শুনিয়ো লোকাই॥
ৰামৰায় জানিবাহা আৰু একজন।
ৰামানন্দ আৰু হৰি ৰঘুনাথ তথা॥
জগন্নাথ ৰামদাস শুনে হৰি কথা।
বিষ্ণুদাস পয়োনিধি পৰমা যে নন্দ॥
বাতুলচৰণ মধু আৰু কৃষ্ণানন্দ।
আৰা সবে হৰি কথা শুনা অনুক্ষণ॥
ভ্ৰমৰে গুঞ্জৰে যেন হৰি নাম গাৱে।
আন ভক্তগণ সবে চাপৰি বজাৱে॥
আয়াযাত কৰে তথা লোক অসংখ্যাত।
শৰণ পশয় দামোদৰ চৰণত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৮৭
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮৯
গুৰুলীলা