পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭৩
মহাভাৰত দ্ৰোণ পৰ্ব্ব


অৰ্জ্জুনৰ ৰথে লগাই কৰে হুলস্থূল।
গজ বাজী ধ্বজে লাগি গৈলেক তুম্বুল॥
সজল জলদ নীল সদৃশ কুঞ্জৰ।
তাৰ কন্ধে ভগদত্ত যেন পুৰন্দৰ॥

অৰ্জ্জুনক শৰ কৰিলেক বৰটানে।
অৰ্জ্জুনৰ ললাটত ফুটিলা সন্ধানে॥
শৰ ফুটালন্ত ভগদত্ত অন্ধকাৰে।
বাঢ়িলন্ত গজ ৰথ পবন সঞ্চাৰে॥

কুপিত শৰীৰে বাঢ়ি আসে ভগদত্ত।
তাক প্ৰহাৰিবে লাগি বাঢ়িলেক ৰথ॥
দেব দ্বিজ গুৰুক সুমৰি ধনঞ্জয়।
ৰণক সম্মুখে বাঢ়িলন্ত ধনঞ্জয়॥

ভগদত্ত ৰাজা আসি পাইলা গজ কন্ধে।
প্ৰলয় মিলিল মহা দুইৰো ঘোৰ দণ্ডে॥
নৃপতি বদতি শুনিয়োক মোৰ বাণী।
সংশয় ছেদিয়া মোত কহিয়ো কাহিনী॥

পাণ্ডু ভগদত্ত প্ৰবেশিলা যুজিবাক।
দুয়ো মহাৰথী ৰথে কি কৰিলে কাক॥
সঞ্জয় বদতি ধৃতৰাষ্টক শুনাই।
গৈলা ভগদত্ত ৰাজা অৰ্জ্জুনক ধাই॥

দুয়ো প্ৰবেশিলা যেন যমৰ পুৰত।
দেখি প্ৰজাগণে সবে বৰ ভয় ভীত॥
পুনৰপি ভগদত্ত ৰাজা মহাশয়।
অৰ্জ্জুনক ধাইলা যেন অগনি পৰায়॥

ত্ৰিপুংস সদৃশ শৰ অগনি সমান।
সাৰথিক প্ৰতি প্ৰহাৰিলা সেহি বাণ॥
ফুটিলা দৈবকী সুত ভগদত্ত শৰে।
ৰথত আছন্তে আতিশয় ব্যথা কৰে॥