কৃষ্ণৰ বচনে তান ছেদিলা সংশয়।
মাৰো সংসপ্তকগণ বোলে ধনঞ্জয়॥
ৰথ বাহুড়াইয়া যে অৰ্জ্জুন মহাবীৰ।
সহস্ৰেক ৰথ মাৰিলেক একেশ্বৰ॥
দেখি কৌৰৱক পাছে মনে মহাৰাগ।
কৰ্ণ দুৰ্যোধন সেনা ভৈলা দুই ভাগ॥
আউক আউবে কৰিলেক শব চয়।
ভয়হন্তে সাৰথি গুচিলা আতিশয়॥
হেন দেখি কিৰীটি ধনুক বলে টানি।
সবাহাঙ্কে ধনঞ্জয় পঠাইলেক হানি॥
সেহি শবে সবাকো ভেদিলা মহাবীৰ।
হয় হস্তী ৰথক কাটিলা বাহু জোৰে॥
টোণ বা সবাৰো কাটিলা অঙ্গনাথ।
কাটিলন্ত ধনু সমে ধ্বজ অসংখ্যাত॥
অগণ্য ভৈলেক ৰণ ঘোৰতৰ ভৈলা।
দেখি মাধৱক মনে বিস্ময়ক লৈলা॥
আগে কৰযোৰে বোলে বদতি দৈত্যাৰি।
তুমি যে কৰিলা যম কুবেৰ নপাৰি॥
আপুনি সাজিয়া যেবে আসে দেৱৰাজ।
তাহান শকতি নাই কৰে হেন কাজ॥
লক্ষ সেনা এক লগে ভৈলা হত
এবে ৰথ বাঢ়া যথা আছে ভগদত্ত॥
অৰ্জ্জুনক কৃষ্ণে প্ৰশংসিল মহাশয়।
কৃষ্ণে সম্বোধিয়া মাতিলন্ত ধনঞ্জয়॥
দেখিলাহা সংসপ্তগণক ৰণে হত।
ৰথবাহা যথাত আছয় ভগদত্ত॥
মহামন পবন ৰথত হয় চাৰি।
বায়ুবেগে চলিলা ৰথক চাতি মাৰি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৬৮
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৭০
অসমীয়া সাহিত্যৰ চানেকি।