পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬৯
মহাভাৰত দ্ৰোণ পৰ্ব্ব

একৈক দন্তাল তিনি তিনি প্ৰহৰৰ।
ৰথে চড়ি আগ ভৈলা কুলিশ সমৰ॥
সেনাক ভঙ্গিতে বীৰ ক্ৰোধ কৰি মনে।
মহাক্ৰোধে ধনুশৰ ধৰি তেতিক্ষণে॥

লগতে আসিল মহা চতুৰ্দশ যুথ।
আপোন জ্যোতিক কৃষ্ণে কৈল উপক্ৰোদ্ধ॥
যত সৈন্য চতুৰ্ভুজ সৱে নিৰন্তৰে।
চক্ৰ ধৰি গদা কেহো সবে খড়গ ধৰে॥

হেন কোটি সেনা সব সংসপ্তকগণ।
তাহাক সন্মুখে কেনে কৰিবেক ৰণ॥
ত্ৰিংশসপ্ত সেনা লৈয়া সুশৰ্ম্মা নৃপতি।
ৰণ কৰিবন্ত সিতো ঘোৰতৰ আতি॥

গুৰু দ্ৰোণে সিঠাৱন্তে সত্য কবিলন্তি।
যুধিষ্ঠিৰ ৰাজাক জীৱন্তে ধৰিবন্তি॥
আলোচি কৃষ্ণক হেন বুলিলা বচন।
কোন বুদ্ধি কৰিবো বুলিও নাৰায়ণ॥

কিবা সংসপ্তক সেনা যুথক এৰিবো।
যুধিষ্ঠিৰ নৃপতিক কিবা খেদি যাইবোঁ‌॥
হেন শুনি মাতিলন্ত দৈৱকী তনয়।
সংসপ্তকগণ মুহিয়ো ধনঞ্জয়॥

মোহ লাজ বাণে মোহিয়োক সৈন্যগণ।
যুধিষ্ঠিৰ পাশে পাছে কৰিয়ো গমন॥
হেৰা দেখা আমাদেৰ যত সৈন্যবল।
কৌৰৱৰ বল দেখো আমাৰ নিৰ্ব্বল॥

ভগদত্ত বীৰে ঘোৰ কৰিলা সমৰ।
হেন দেখা সৈন্যক পীড়িলে নিৰন্তৰ॥
হেন জানি ধনঞ্জয় কৰিবো সমৰ।
সংসপ্তগণক কৰিয়োক ধাৰে শৰ