মহাভাৰত দ্ৰোণ পৰ্ব্ব
ভগদত্ত বধ
সেহি সময়ত কামৰূপী মহাৰাজ।
সমৰক প্ৰতি তেহো ভৈল সবে সাজ॥
ভিন্নে ভিন্নে প্ৰহাৰয় একৈক দন্তাল।
মহামত্ত গজ সব প্ৰমত্ত বিশাল॥
এক এক হস্তীক ৰাখন্ত ৰথ শত।
এক এক ৰথ ৰাখে ঘোৰা দুই শত॥
একৈক ঘোৰাক ৰাখে ধানুকী দুইশত।
দেখন্তা জনৰ ভয় লাগে সমৰত॥
একো ধনুকীক ৰাখে দ্বাদশ আৰণে॥
হেনমতে ভগদত্ত চলিলেক ৰণে॥
শ্বেত ছত্ৰ চামবে মণ্ডিত চতুৰ্দ্দিশে৷
ক্ষুদ্ৰ ঘণ্টা আৰিলা ঘুঘুৰা চতুষ্পাশে॥
জয় ঘণ্টা আৰিলা প্ৰত্যেকে গলে গলে৷
কাম্পয় ৰথৰ ভৰে ধৰণী মণ্ডলে॥
নানা মণি ৰত্নে অলঙ্কাৰ আভৰণ।
মুকুতাৰ মালা আৰু লম্বিত চৰণ॥
গলে হেম মাল আৰু কিৰীটি আৰিলা ৷
নানা অলঙ্কাৰে ৰাজা সৱে সুমণ্ডিলা॥
ব্ৰাহ্মণ সজ্জন আৰু ভাট যত যত।
সুবৰ্ণ ৰজত দান দিলা কত কত॥
যাত্ৰা লৈয়া ভগদত্ত সমৰে চলিলা।
সহস্ৰ কিৰণে যেন সূৰ্য্যক বেঢ়িলা॥
সুমঙ্গল কৰি ৰাজা ৰথে দিলা পাৱ।
কাক পক্ষী উৰাৱ কৰন্ত ঠাৱে ঠাৱ॥