পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

গোপীনাথ পাঠক


আত্মপৰিচয়

পাটচৌবা নামে   আছে এক গ্ৰাম
  ছিলা কোন নাম যাৰ।
আতি বিতোপন   সৰ্ব্ব সুসম্পন্ন,
  দুই যেন স্বৰ্ণ হাৰ॥
সেহি গ্ৰামেশ্বৰ   মহাদেশদ্ধৰ,
  ভীমসেন দ্বিজবৰ।
যাৰ যশো ৰাশি   অদ্যাপি প্ৰকাশি,
  যেন পূৰ্ণ শশধৰ॥
কুল শীল সন্ত   শ্ৰীমন্ত মহন্ত,
  মহাজ্ঞানী ক্ৰিয়ানিস্ট।
যাৰ দান ধৰ্ম্মে   জগত যুৰিল,
  অপৰ যেন বশিষ্ঠ॥
তাহান সন্ততি   ৰাম সৰস্বতী,
  পাঠক শুক্লধ্বজৰ।
যেন শুক গুৰু   অঙ্গিৰা তুম্বৰু,
  আনো নহি পটন্তৰ॥
তাহানে তনয়   আতি শিশু নয়,
  গোপী নাথ দ্বিজবৰে।
হ্ৰস্ব দীৰ্ঘ ছন্দে   ৰচিলা প্ৰবন্ধে,
  কথা মহাভাৰতৰে॥