বিষয়ত থাকিয়া ভকতি নাহি যাৰ।
সাধু সঙ্গ লৈয়া কৰে আমাক বিচাৰ॥
আন কৰ্ম্ম এৰি ভকতিত তত্ব পৰ।
জানিবা উদ্ধৱ সখি সেই সে ঈশ্বৰ॥
সাধুৰ সঙ্গত যাৰ নাহিকে প্ৰৱন্ধ।
সিতো পাতকীৰ নাহি ভকতিৰ গন্ধ॥
ধন জন পুত্ৰ ভাৰ্য্যা বুলি মৰে আতি।
সেইতো অধম অনাশ্বৰ আত্মঘাতী॥
উদ্ধৱক সম্বুধি বোলন্ত নাৰায়ণ।
কতেক কহিবো গুণ দোষৰ লক্ষণ॥
সেহি দোষ যিতো শেষ গুণ বুলি লেখে।
সেহি গুণ যিতো দোষ গুণকো নেদেখে॥
গুণময় জ্ঞান কৰ্ম্ম যিতো পৰিহৰি।
নিৰ্গুণ ভকতি ধৰি সখি সুখে তৰি॥
গুণেসে কৰিছে সবে সংসাৰৰ ক্লেশ।
তাক তৰিবাৰ সখি শুনা উপদেশ॥
মোৰ কথা শুনা নিতে গায়া নাম যশ।
তান্ত হন্তে আতি উপজিবে প্ৰেমৰস॥
এতেকে সংসাৰ তাপে তৰিবা হৰিষে।
সিতো প্ৰেম ভকতিত অমৃত বৰিষে॥
জগতৰ অন্তৰ্য্যামী আছা হৃদয়ত।
তথাপি কৰ্ম্মত ময় নুহিকে বেকত॥
আমাক নেদেখি মহা কৰ্ম্ম অন্ধকাৰ।
যেন আদিত্যক ঢাকে কুহুৰী আন্ধাৰ॥
নৰ তনু নৌকা ইতো সুহৃদ সংসাৰ।
উপদেশ দাতা গুৰু ইহাৰ কাণ্ডাৰ॥
ময় অনুকূল বায়ু হুয়া কৰোঁ পাৰ।
তথাপি নতৰে যিতো দুঘোৰ সংসাৰ॥
সেহি নৰে কৰে কিন্তু কতে আত্মঘাত।
আপুনাকে আপুনি পেলায় যাতনাত॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৯
একাদশ স্বন্ধ।