তাকেসে বুলিয়ে সখি শৰীৰৰ ভূষণ।
মোৰ নাম গুণেসে জানিবা মহাধন॥
তাকেসে বুলিয়া জ্ঞান দেখে হৰিময়।
মোক জানি সিতো আৰু যত নিবৰ্ত্তয়॥
তাৰ নাম জানা সখি কৈলোঁ নিষ্টবাক।
শুনা আৰ উদ্ধব পণ্ডিত বলি জাক॥
জানে যিতো ইতো কৰ্ম্মে ধৰ্ম্মে মোৰ বন্ধ।
তাক এৰি কৰে মোৰ সেবাক প্ৰবন্ধ॥
নপঢ়িলে শাস্ত্ৰ এক নপৰে খণ্ডিত।
তথাপি জানিবা সখি সেই সে পণ্ডিত॥
পুত্ৰ দ্বাৰা বিষয়ৰ কৰে মাত্ৰ ৰতি।
নলয় সাধুৰ সঙ্গ মোত নাই মতি॥
যদি চাৰি বেদ চৈধ্য শাস্ত্ৰত পাৰ্গত।
তথাপিতো সিদ্ধি সুখ জানা মোৰ মত॥
আনক এৰিয়া যিতো মোক ভজে মাত্ৰ।
তাহাকে জানিয়ো পন্থ সেহি সাৰ শাস্ত্ৰ॥
যিতো কৰ্ম্ম কৰন্তে চিত্তত নাহি থিৰ।
তাৰে নাম বিপন্থ জানিবা মহাবীৰ॥
আমাকে চিনাৱে যিতো গুৰু কৃপাময়।
সেহিসে পৰম বন্ধু জনিবা নিশ্চয়॥
মোত চিত্ত দিলে যিতো আনন্দ মিলয়।
সেহি স্বৰ্গ সুখ সখি জানিব নিশ্চয়॥
কাম ক্ৰোধ অন্ধ যেবে কৰে পুৰুষক।
মোক পাসৰিলে মিলে ক্ষণেক নৰক॥
মোহোৰ সেৱাৰ যোগ্য মনুষ্য শৰীৰ।
তাকেসে বুলিয়া গৃহ জানা মহাধীৰ॥
নকৰে ভকতি মোত তুষ্ট নাহি যাৰ।
তাকে বুলি দৰিদ্ৰ অধম কুলাঙ্গাৰ॥
মোক অৱহেলি কৰে বিষয়ত ৰতি।
তাৰ নাম দুখী সখি জানিবা সম্প্ৰতি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৪
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৮
অসমীয়া সাহিত্যৰ চানেকি।