মহাপুৰুষৰ ইটো সাক্ষাত বচন।
জানি প্ৰেম ভকতি ধৰিয়ো সৰ্ব্বজন॥
প্ৰেম ভকতিত তুষ্ট হৈবন্ত সাক্ষাত।
তেবেসে এডাইৰে মন প্ৰকৃতিৰ হাত॥
হে ব্ৰহ্মা হে বিষ্ণু হে ত্ৰিলোচন।
তান দেৱে তিনি ৰূপ হবা এতিক্ষণ॥
ৰূপে ব্ৰহ্মা তুমি জগত বিদিত।
বিষ্ণু অংশে এতিক্ষণে হবাগৈ চিত৷।
অহঙ্কাৰ ৰূপে ৰুদ্ৰ তুমি তমোময়।
তিনি দেৱে তিনি তত্ব জানিবা নিশ্চয়॥
ওষ্ঠে ব্ৰহ্মা জানা মহেশ্বৰ দন্ত দুই।
জিভা ভৈলা বিষ্ণু তুমি ৰসৰ আলয়।৷
কণ্ঠ মাঝে প্ৰকৃতি থাকিবা সাৰে সাৰ।
সমস্ত ৰসকে আনি কৰিবা ভাণ্ডাৰ॥
নাভিপদ্ম মাঝে যেন অনন্ত মই সঙ্গে।
সমস্ত ৰসকে বাতি দিবা ভাগে ভাগে॥
অধঃ দুই উৰ্দ্ধে দুই চাৰি ভাগ কৰি।
চাৰি ভাগ ৰসক মই দিবো ভাগ কৰি।৷
আৰু এক কথা কহো আশ্চৰ্য্য মহিমা।
মাধৱৰ মায়াৰ যে কোনে পায় সীমা॥
প্ৰকৃতিক চাই মাতিলন্ত সনাতন।
সত্বৰে ঈশ্বৰী মোৰ পালিয়ো বচন॥
তুমি হৈবা পাপ ময় হৈবো পূণ্যগণ।
দুয়ো মিলি জগতক কৰিবো কাৰণ॥
ভকত জনৰ মাত্ৰ নকৰে কাৰণ।
পাপ নাই পুণ্য নাই নাই দোষ গুণ॥
কালকৃষ্ণ অধিকাৰ নকৰন্ত যাক।
আন কোনে অধিকাৰ কৰিবেক তাক॥
দ্বাৰে দ্বাৰে অধিষ্ঠাতা দিবো দেৱগণ।
যাক যেন থান দিলা শুনা বিদ্যমান॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৩৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৩৭
ভক্তি প্ৰেমাৱলী।