পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৭
একাদশ স্বন্ধ।

মোৰ নাম চিন্তন্তে যেসনে কৰে শ্ৰম।
জানিবা উদ্ধৱ সখি তাক বুলি দম॥
মোতে চিত্ত দিয়া যিতো জন মহাশয়।
হানি অপমানে শোক দুঃখক সহয়॥
তাৰ নাম ক্ষমা তুমি জানিবা উদ্ধৱ।
ক্ষমাৱন্ত পুৰুষৰ নাহি পৰাভৱ॥
মোকে মনে ধৰি যিতো ত্যজিলে নিবিড়।
সেহিসে যজ্ঞৰ সম শুনিয়ো সুধীৰ॥
মোতে চিত্ত দিয়া যিতো ত্যজি আছে মায়া।
নিচিন্তে প্ৰাণীৰ দ্ৰোহ কৰে ভূতে দায়া॥
হৰি বুদ্ধি সদায়ে সবাক কৰে মান।
জানিবা উদ্ধৱ তাকে বুলি মহাদান॥
মোত চিত্ত দিয়া ত্যজে ভোগ অভিলাষ।
জানা তাৰ নাম মহা তপ অবিনাশ॥
সমস্তে জগত যিতো দেখে হৰিময়।
তাব নাম সত্য সখি জানিবা নিশ্চয়॥
মোক জানি যিতো জনে ত্যজে কৰ্ম্ম ফল।
তাকেসে বুলিয়ো শৌচ জানা মহা বল॥
ঈশ্বৰ জ্ঞানক যিতো দেই উপদেশ।
তাকেসে দক্ষিণা বুলি নাহিকে সন্তোষ॥
মোতে চিত্ত দিয়া যিতো কৰে ধৰ্ম্ম কৰ্ম্ম।
তাৰ নাম যজ্ঞ সখি শুনা ইতো মৰ্ম্ম॥
তাকে বুলি ভাগ্য ইতো জানিলে আমাক।
শুনা প্ৰাণ সখি অবিনাশ বুলি যাক॥
ভাগ্য ক্ষয় হয়ে কৰ্ম্ম দেখা মায়াময়।
শ্ৰৱণ কীৰ্ত্তন পুণ্য পৰম অক্ষয়॥
পুত্ৰ ধন জন লাভ সকলে অসাৰ।
এতেকে উত্তম লাভ ভকতি আমাৰ॥
সমস্ত ভূততে আছো ময় মহেশ্বৰ।
জানিয়া সবাকো কৃপা কৰে যিতো নৰ॥