পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৩০
অসমীয়া সাহিত্যৰ চানেকি।

এতেকে সবাতো কৰি মনুষ্য উত্তম।
ইন্দ্ৰ চন্দ্ৰ বায়ু বহ্নি নোহে যাৰ সম॥
দেখাইলা গোপনে ইটো ৰহস্য ভকতি।
যেন মতে মাধৱক সেৱন্ত প্ৰকৃতি॥
নৱ স্থানে নৱ মৃৰ্ত্তি ধৰি প্ৰেমভাৱে।
মহামন সন্তোষে সেৱন্ত কৃপাৱে॥
চৰণৰ মাঝত থাকন্ত পদ্মৰূপে।
সকল ঐশ্বৰ্য সাক্ষা জানিবা স্বৰূপে॥
সেহি চৰণৰ তলে যিটো লৈলা বাস।
কোননো ঐশ্বৰ্য্য তাৰ নুহিবে প্ৰকাশ॥
একৰূপে ব্ৰহ্মাৰ কপালে ভৈলা জাত।
জগত মোহিনী মায়া জানিবা সাক্ষাত॥
আৰু একৰূপে শুনা মায়াৰ লক্ষণ।
ইন্দ্ৰিয়ৰ মধ্যে জানা যাক বুলি মন॥
মায়াকো মায়ায়ে মোহে জানিবা সম্প্ৰতি।
ইহাৰ তত্ত্বক বুজে সি সে মহামতি॥
একৰূপে শঙ্কৰৰ ভাৰ্যা মহামানি।
দৰশন্তে ভৈলা সাতাইশ নন্দিনী॥
কৃষ্ণসমে ক্ৰীডাক কৰিবে ৰঙ্গ মনে।
বাত্তৰি হাজাৰ গোপী ভৈলন্ত আপোনে॥
স্বৰ্গত ভৈলন্ত এক লক্ষ্মী পটেশ্বৰী।
একৰূপে ভৈলা শচী ইন্দ্ৰৰ সুন্দৰী॥
আনো যত সুন্দৰীৰ মণি যত যত।
সবেয়ে লক্ষ্মীৰ অঙ্গ জানিবা সাক্ষাত॥
অংশ কলা পূৰ্ণ অৱতাৰ মাধৱৰ।
ভাৱে ভাৱে গোসানী সেৱন্ত বাৰে বাৰে॥
গাছ মাছ তৰু তৃণ পশু পক্ষীগণ।
সবাকো মায়ায়ে ৰমে স্বৰূপ লক্ষণ॥
এৰাইলে মায়াৰ হাত কাহাৰ শকতি।
যাৱত নলৱে মৰে সন্তৰ সঙ্গতি॥