কীৰ্ত্তন কৰণে প্ৰেমে পূৰয় নয়ন।
তাকেসে বুলিয়া জানা উত্তম কীৰ্ত্তন॥
শ্ৰৱণ সময়ে মন হোৱে আনন্দিত।
বাক্য গদ গদ তনু হোৱে ৰোমাঞ্চিত॥
মহাপ্ৰেম আনন্দত হোৱয় মগন।
তাহাকে বুলিয়া জানা উত্তম শ্ৰৱণ॥
দৈত্য দানব যক্ষ নিশাচৰগণ।
বৈৰ ভাবে কৰে হৰি বিৰূপ কীৰ্ত্তন॥
তথাপিতো মহামূৰ্খে লভয় মুকুতি।
তেমতে লভিবে লোকে নপাৱে ভকতি॥
শুনা সাৱধানে মন কৰি একচিত।
প্ৰেম সমে কৰে হৰি ভকতি বিদিত॥
প্ৰথমতে প্ৰকাশিলা বিশ্বাস ভকতি।
কৰিলন্ত মহালীলা পুৰুষ প্ৰকৃতি॥
যেন মতে প্ৰথমে স্ৰজিলা তিনি গুণ।
চন্দ্ৰ সূৰ্য্য বায়ু বহ্নি আন দেৱগণ॥
স্বৰ্গ মৰ্ত্য পাতাল স্ৰজিলা তিনিখান।
আপুনি লীলায়ে জীৱ কৰিলা নিৰ্ম্মাণ॥
উত্তম যে অধম প্ৰকৃতি জীৱগণ।
পুৰুষ প্ৰকৃতি দুয়ো কৰিলা সৃজন॥
এতেকতে বুজিবা জীৱৰ ভাগ চয়।
কতো নৰ কতো মুক্তি মৰি ওপজয়॥
বুজিবাক লাগে জানা ইহাৰ নিৰ্ণয়।
কোনবস্তু গোট জীৱ মৰি ওপজয়॥
তেতে সতী ভকতি কৰিবে মহাশয়।
যেন মতে জীৱৰ সংসাৰ নাশ হয়॥
ভকতি বিহীনে জীৱ নুহিকে কিঞ্চিৎ।
মৰি ওপজয় দুঃখ ভুঞ্জে বিপৰীত॥
ভকতিত বিনয়ে জীৱৰ নাহি স্থিতি।
বুজিয়া আশ্ৰয় কৰা সপ্ৰেম ভকতি॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭২৫
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭২৭
অসমীয়া সাহিত্যৰ চানেকি।