পদ।
কুষ্ণৰ সিদ্ধান্ত শুনি উদ্ধৱ মহন্ত।
কৰযোড় কৰি পুনৰপি পুছিলন্ত॥
নমো নমো কৃষ্ণ কহিয়ো কৃপাময়।
তুমি বিনে কোনে মোৰ ছেদিবে সংশয়॥
কোন শম দম দান সত্য শৌচ কাম।
কোন মহা কাম প্ৰভু জজ্ঞ কাৰ নাম॥
কাৰ নাম স্ত্ৰী কোন গুণে সুপণ্ডিত।
কাব নামে সুখী কাকে বুলিয়ো পণ্ডিত॥
কাক বন্ধু বুলি দীন দুঃখী কোন জন।
কাৰ নাম স্মৰে কাক বুলি মহাধন॥
কোন পথ বিপথ বুলিয়া কাক হবি।
কোন সুখে দুখে দেৱ কহিয়ো উদ্ধবি॥
কোন স্বৰ্গ নৰক কহিয়ো ভগৱন্ত।
কাক বুলি গৃহ কোন জন ধনৱন্ত॥
কোনবা ঈশ্বৰ অনীশ্বৰ কোন প্ৰাণী।
কহিয়োক আমাত বিচাৰি চক্ৰপাণি॥
আপুনি সৰ্বজ্ঞ জগতৰ আন্তৰ্য্যামী।
তোমত পুছিবা যিবা নজানিলো আমি॥
তাকো প্ৰভু ভালমতে কহিয়ো আমাত।
কৰোঁ হেৰা চৰণত পৰি প্ৰণিপাত॥
উদ্ধৱক বোলন্ত কেশৱ কৃপাময়।
পুছিলা পৰম ভাগৱত ধৰ্ম্মচয়॥
মহা মহা জনে যাক নজানে সাক্ষাত।
কৰিবো বেকত তাক তোমাৰ আগত॥
আন দেৱ ধৰ্ম্মক কৰিয়ো পৰিহাৰ।
মোতে মাত্ৰ একনিষ্ট মতি ভৈল যাৰ।
যি জনে জানিলে ময় পৰম বান্ধৱ।
তাহাক বোলন্ত শম শুনিয়ো উদ্ধৱ॥