কত গুটি বৈষ্ণবক লৈলন্ত লগত।
নৌকা কতখানি মাত্ৰ চলিলা লগত॥
এহি কথা কুমৰ গোহাই শুনিলেক।
সৌলা শিঙ্গৰিৰ ফাটে দূত পাঞ্চিলেক॥
যদি প্ৰভু দেৱ যাই দেশ ছাড়ি মোৰ।
সত্যে সত্যে শূলত দিবোহো দেহা তাৰ॥
শুনি দূতে গৈয়া শীঘ্ৰে চকিত কহিলা।
পাছে দেৱে পাইলা যেবে যাইবাক নেদিলা॥
চকিয়াল দূতে দণ্ডৱতে পড়ি পড়ি।
কঠিনেও কাৰুণ্যেয়ো নানা স্তুতি কৰি॥
তেবেসে পাৰিলা নিবৰ্ত্তাইবে ছল কৰি।
আগবঢ়াই থৈল নিয়া নানা স্তুতি ৰড়ি!
পুনু আসি ৰহি পাছে থিৰ কৰি মন।
ভাগৱত শিখাইবাক কৰিলা যতন॥
দুয়ো যোৰ ভাগৱত তাব পদ যত।
সপ্ত কাণ্ড বামায়ণ কথা ভাগৱত॥
গীতা ৰত্নাৱলি ৰত্নাকৰ ভক্তিসাৰ।
আনো উপগ্ৰন্থ যত যত আছে আৰ।
সকলে পুস্তক কৰাইলন্ত বচনতে।
সকলো গ্ৰন্থক ক্ৰমে পঢ়ে প্ৰসঙ্গতে॥
দৰঙ্গীয়া হৰি মিশ্ৰ দেৱৰ আগত।
কতো দিন পঢ়িছিল শ্ৰীভাগৱত॥
মধু ভণ্ডাৰীয়ে পঢ়ে পদক সতত।
কণ্ঠ কোকিলৰ ধ্বনি শুনি যেন মত॥
কৃষ্ণ গোপালৰ পাদপদ্ম মনে স্মৰি।
সভা সদে ডাক ছাডি বোলা হৰি হৰি॥
আৰু এক খানি কথা শুনা আত পৰে।
তিনিটি বৈষ্ণৱ আইল পশ্চিম দেশৰে॥
গৌৰাঙ্গ মুৰাৰি দাস আৰু নাৰায়ণ।
জাতিত ব্ৰাহ্মণ আতি ধৰ্মিষ্ঠ শোভন॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭১৬
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১৮
অসমীয়া সাহিত্যৰ চানেকি।