পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১৭
বংশীগোপাল চৰিত্ৰ।

এহি মতে বহু কথা আছয় বিস্তৰ।
আশ্চাৰ্য্য বিচাৰ কথা শুনা আতপৰ॥
গুণন্ত গোপাল দেৱে বৃদ্ধ ভৈলো আসি।
কোনে সত্ৰ ধৰিবেক ভকতি প্ৰকাশি॥
ইহাৰ উত্তম পাত্ৰ শ্ৰীহৰি আছন্ত।
কিন্তু তেহো বৃদ্ধ অল্পকাল থাকিবন্ত॥
পাছে ৰাম চৰণ ইহাৰ পাত্ৰ হয়।
শূদ্ৰকুল নিমিত্তে সেৱাক নৰিহয়॥
কৃষ্ণদেৱে যদি আনি দিবে একজন।
তবে মোৰ মন বাঞ্ছা কৰয় পূৰণ॥
এহি মতে গুণি আছা সৌৰাণি সত্ৰত।
ৰাম কন্দলি আসি মিলিলা সাম্প্ৰত॥
দণ্ডৱতে প্ৰণামিয়া বুলিলা বচনে।
এহি পুত্ৰ গুটি দিলো তোমাৰ চৰণে॥
সত্যে সত্যে সত্যে সত্যে সত্যে কহো সাৰ।
অন্ন জল পিণ্ড আশা নকৰো ইহাৰ॥
যদি দেৱে স্বীকাৰ কৰয় দাস বুলি।
তেৱে আৰ সবে পাওঁ পিণ্ড জলাঞ্জলি॥
সুত সে অৰ্পিছো দেহ দেহীক তোমাত।
পুনু আক বিকিলোহোঁ দেৱতে সাক্ষাত॥
শুনি পাছে গুণি দেৱে কৰিলা স্বীকাৰ।
ভক্ত সমে আলোচন কৰি বাৰম্বাৰ।
তাঙ্কে সত্ৰ দিম বুলি ইচ্ছা কৰিলন্ত।
নানা স্থানে তাহাঙ্ক পঢ়ায়া তুলিলন্ত॥
ক্ষণো ব্যক্তে থাকা ক্ষণে পলায়া ফুৰন্ত।
ক্ষণো ভাগৱত ক্ষণে পদক শুনন্ত॥
নিয়মে প্ৰসঙ্গ কৰিবাক নাপাৰন্ত।
ক্ষণো একে পদ ফিৰি ফিৰিয়া শুনন্ত॥
পাছে গুণি নিশ্চয় কৰিলা প্ৰভু মনে।
পশ্চিমক যাইবো মই পলায়া এমনে॥