গৃহত পশিয়া দেখি দেৱ গোপালক।
তৰতৰি কাম্পে তনু নাসে সমাপক॥
আসিয়োক বুলি দেৱে সাদৰি মাতিলা।
জানু পাৰি ভাৱকৰি মাটিত বসিলা॥
নম্ৰভাৱে কৰঘোড়ে নামাতি আছয়।
তাৰ কম্প দেখি ভক্তে গুপুতে হাসয়॥
পাছে দণ্ডৱতে পড়ি কাৰ্য্য নিবেদিলা।
শুনি দেবে তাঙ্কচায়ে হাসিয়া বুলিলা॥
ৰাজাৰ প্ৰমূখ্য পাত্ৰ বিষয় চতুৰ।
ধৰিবা কেমনে তুমি ধৰ্ম্মক প্ৰভুৰ॥
মহাশুদ্ধ ধৰ্ম্ম ইতো বৈষ্ণৱ সবৰ।
তোমৰা পাপত মজি ফুৰা নিৰন্তৰ॥
ফুকনে বোলয় প্ৰভু পাপীক তাৰিত।
তোৰা সবে অৱতাৰ ধৰিছা কলিত॥
যিহেতু আমৰা সদা পাপত মজিলোঁ।
তাতে সে তোমাৰ পাৱে ভজিবা আসিলোঁ॥
শুনি পাছে স্নেহ কৰি শিখাই পঠাইলেক।
গৈয়া তেহে দেৱতেজে বিস্ময় ভৈলেক॥
সাধু দেখি যথা মোৰ কম্পিল শৰীৰ।
তেমনে নকৰো ভয় আগে নৃপতিৰ॥
এমনে অধিপ আনে যদি বা প্ৰাকৃত।
যাক দেখি সৰ্ব্বজনে হোৱে সচকিত॥
দেখি দেখি আনন্দ তৃপিতি নখণ্ডয়।
বদন পঙ্কজ যেন অমৃত ঢালয়॥
নয়ন পঙ্কজে যাক যাক নিৰিখয়।
সবে কৰযোড়ে প্ৰেমে মাথা দবাৱয়॥
যাক যিব আজ্ঞা কৰে যেখনে যিজনে।
ভাগ্যে পাইলোঁ বুলি কৰে উত্ৰাৱল মনে॥
তাক প্ৰশংসয় অসন্তোষে আন জনে।
আমি দুৰ্ভাগিক কিয় নপাৱে এমনে॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭১০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭১২
অসমীয়া সাহিত্যৰ চানেকি