পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
একাদশ স্বন্ধ।

পৰম বান্ধৱ নাম শুনা আৰ গুণ গ্ৰাম।
 আত পৰে পুণ্য কিবা আছে।
যাত পৰে পাপী নাই তাকো তাৰে নামে পাই
 ুলে হুয়া একত্ৰে নবাছে॥
দহয়ে পাতক চয় পুণ্য কৰে অৰ্ব্বুদয়
 মিলৱে মুকুতি মহাসুখে।
বোলন্ত নাহিকে শ্ৰম শুনন্তে অমৃত সম
 হেন নাম কিয় এৰা মুখে॥
ইতো কলি কালে আৰ নাম বিনে নাহি সাৰ
 নামত সমস্ত পুণ্য সিঝে।
যত তীৰ্থ তপ স্নান মন্ত্ৰ জপ যোগ জ্ঞান
 নাম সুমৰন্তে সবে সিঝে॥
নামত দিয়োক চিত্ত নামেসে সুহৃদ হিত
 সংসাৰ ব্যাধিৰ মহৌষধি।
এড়ি হেন হৰি নাম  কৰি মৰে আন কাম
 তাত পৰে নাহিকে বিবুধি॥
কৃষ্ণেসে পৰম দেৱ তাত পৰে নাহি কেৱ
 ব্ৰহ্মা হৰে সেৱন্ত চৰণে।
পৰলোক বন্ধু হৰি তানেসে চৰণ তৰি
 আন গতি নাহিকে মৰণে॥
কালে ধৰিলেক পৰা মিছাত বিলম্ব কৰা
 চিন্তা হৰি ভকতিৰ কাম।
আয়ু যায় ক্ষণে ক্ষণে  কৃষ্ণৰ কিঙ্কৰে ভণে
 নিৰন্তৰে বোলা ৰাম ৰাম॥