৭০৯ বংশীগগাপাল চৰিত্ৰ। শুনা শুদ্ধ বুধ জন, গোপালৰ গুণ গণ। যাত মহা প্ৰীতি কৰি, বহু লোক গেল তৰি। যাৰ শুদ্ধ তেজ বলে, মহাজন সব জলে। অগ্ৰগণি মহন্তৰ, দেৱ বংশীগোপালৰ। পাদ পদ্ম মনে স্মৰি, ডাকি বোলা হৰি হৰি। পদ। এহি মতে ফিঞ্চকটা গ্ৰামত থাকন্তে। মণিপুৰ আৰন্তিয়া শিঙ্গৰি পৰ্যন্তে। যত গ্ৰামী মহন্তৰ থাকি থানে থানে। সবে আসিলেক লোক অনুৰাগী মানে॥ বাজ। জানিবৰ ভয়ে সবে আলচিয়া। বহু থানে থাকিলন্ত সাৱধানে হুয়া পূবৰ ভকত মানে সবে নাশ গৈল। যিব এড়াইলেক তাকে। থানে থানে থৈল। পুনু অনুৰাগে ভক্ত ভৈলেক বিস্তৰ। যদি বা বিদায় দেন্ত হোৱয় অপৰ। যাক বা খেদায়ে কোপ কৰিয়া মনত। সিয়ে! দুঃখে কান্দি কান্দি ফুৰয় পাচত। ৰাজ ভয়ে কাহাকো খেদাৱে শপতাই। সিয়ে লগ নেড়ে পুনু পাচে পচে যাই। দেৱৰ বচন এডি যাইবো কোন ঠাই। যিতো কোপ কৰে মোৰ সেহি বৰ পাই। ক্ৰন্দন কৰয় দেখি পাছে স্নেহ কৰি। দিয়ে গান সিয়ো পাছে থাকে সেৱা কৰি। এহি মতে ভকত ভৈলেক চাৰি শত। বহুত তণ্ডুল লাগে প্ৰতি দিবস। যিথানত থাকে জোড়ে বহুতৰ গ্ৰাম। অল্প তাল্প কৰি মাত্ৰ গায় হৰিনাম।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭০৭
অৱয়ব