৭ ৭ বংশীগগাপাল চৰিত্ৰ। নেদেখি গোপাল মুখ, মহন্ত সব দুঃখ। ভক্তক দেখিবে প্ৰতি, দেৱ গোপাল মতি। ভৈল দেখি শ্ৰপতিৰ, ভয়ে চিত নুহি থিৰ। আলোচন কৰিলন্ত, নামডাঙ্গ এড়িলন্ত। নিশা ভাগে লড়িলন্ত, নিশা নিশা আসিলন্ত। বহি গৈয়া নানা ঠাই, গুপুতে ভকতে চাই। পাছে কতো দিনে যাই, দেখি আতি ভয় নাই। ব্ৰহ্মপুত্ৰে ভটিয়াই, ফিচাকটা গ্ৰাম পাই। ভৈল কিছো মন তুষ্টি, তহিতে ৰহিলা উঠি। কতিপয় দিন আছে, লোকে জানিলেক পাছে। দেশত উঠিল কথা, দেৱ মনু আছে তথা। এহি বুলি আসে ধাই, গুপ্তে সেৱা কবে যাই। আসে যাৱে লোক যত, নিশা কতো দিবসত। ভণ্ডাৰীয়ে সেহিবেলা, দূত পঠিয়াই দিলা। আহোক সকলে লোক, দেৱে ভয় নকৰোক। একে থান বহুকাল, থাকিবাক নুহি ভাল। ৰাজ পথ ত্যজিবন্ত, আড় থানে থাকিব। মোৰ দূতে শীঘ্ৰে যাই, আনিবেক পলুৱাই। এহি বুলি দূত গৈল, সবাৰো নিৰ্ভয় ভৈল। যিতো সব অনুৰাগী, নিৰন্তৰে আসে ভাগি শ্ৰহৰি দেৱক আদি, যত সাধু প্ৰমাদি। শুনিলেক যেতিক্ষণ, উত্ৰাৱল ভৈল মন। হস্তত সন্দেশ ধৰি, আসিলেক শীঘ্ৰ কৰি। বহুত ক্ৰন্দন কৰি, প্ৰেমে চৰণত ধৰি। কৰি নানা স্তুতিচয়, সবে তাপ দূৰ হয়। বৃত্তান্ত যতেক যাৰ, পড়ি কৰে নমস্কাৰ। যেন ভৈলে সূৰ্যোদয়, পদ্ম বিকশিত হয়। তাসম্বাৰ দেখি মুখ, দেৱ গোপালৰ সুখ। প্ৰীতি বৈষ্ণৱক দেখি, প্ৰেমত থাকয় পেখি। অমৃত বাক্যক নৰে, শুনিলেক মন পূৰে।
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭০৫
অৱয়ব