পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৪
অসমীয়া সাহিত্যৰ চানেকি।

কৰ্ম্মৰ পুছিলা বাণী তাক শনা মহা মানী
 সিতো নাম নধৰে আমাৰ।
জনম গোৱাই বৃথা নুশুনে আমাৰ কথা
 তাবেসে কৰ্ম্মৰ অধিকাৰ॥
দুষ্ট চিত্তে যিতোজন  কথা বৃথা বৃথা মন
 হাৰ কৰ্ম্ম সকলো বিফল।
তিলেকো নথাকে বই তেতিক্ষণে যায় বই
 এওঁৱা ঘটৰ যেন জল॥
ইতো কথা সাৰে সাৰ জ্ঞানত কৰ্ম্ম আৰ
 নকৰিবা বিশ্বাস কিঞ্চিত।
শ্ৰৱণ কীৰ্ত্তন কৰা সুখে সংসাৰক তৰা।
 দিয়া মোৰ চৰণত চিত্ত।
তপ জপ যজ্ঞ দানে যিতো ফল মহাদানে
 জ্ঞান বৈৰাগ্যত মহাফল।
যিতো হৰি নাম গাৱে বসি সবে সুখ পাৱে
 দেখা সবে ভকতিৰ বল॥
জানা তুমি সাৰে সাৰ ভকতিত পৰে আৰ
 নাই গতি দাতা সংসাৰত।
এহিসে কহয় বেদ দিলোঁ হেৰা পৰিছেদ
 লয়ো তুমি আমাৰ সন্মত॥
শুনিয়োক সভাসদ মহাভাগৱত পদ
  কৃষ্ণ কথা সংসাৰত সাৰ।
আয়ু, যায় তালে জালে ইতো ঘোৰ কলিকালে
 জ্ঞান কৰ্ম্মে নাপাই নিস্তাৰ॥
নকৰিয়ো জন্ম বৃথা শুনা ইতো কৃষ্ণ কথা
 ফুৰা ৰাম নাম গলে বান্ধি।
ইতো আয়ু পাত ভৈলে ঘোৰ পৰলোক গৈলে
 আকে লাগি মৰিবাহা কান্দি॥