অসমীয়া সাহিত্যৰ চানেকি
শঙ্কৰ দেৱ।
[এইজনা মহাপুৰুষেই আসামত বৈষ্ণৱ ধৰ্ম প্ৰৱৰ্ত্তায়। এওঁ ১৪৪৯ খৃঃ আঃ ত নগাওঁ জিলাৰ বৰদোৱা গাৱঁত জন্ম গ্ৰহন কৰে। এওঁৰ পিতৃৰ নাম কুসুমবৰ ভূঞা আৰু মাতৃৰ নাম সত্যসন্ধা আছিল। শঙ্কৰদেৱ নিচেই সৰু থাকোতেই তেওঁৰ পিতৃ মাতৃৰ বিয়োগ হয়, আৰু তেওঁক বুঢ়ীমাকে তুলিতালি ডাঙ্গৰ কৰে। সেই সময়ৰ বিখ্যাত পণ্ডিত মহেন্দ্ৰ কন্দলীৰ শিঙৰিত এখন টোল আছিল, সেই টোলতে শঙ্কৰদেৱে প্ৰথমে সংস্কৃত শিক্ষা লাভ কৰে। অলপ দিনৰ ভিতৰতে তেওঁ সংস্কৃতত বিচক্ষণ পণ্ডিত হৈ উঠে আৰু আসামত সৰ্বসাধাৰণ প্ৰজাৰ মাজত পৱিত্ৰ ভাগৱতী ধৰ্ম্ম প্ৰচাৰ কৰিবলৈ মন কৰে। সেই উদ্দেশ্যে বহুত সংস্কৃত গ্ৰন্থ সৰ্বসাধাৰণে বুজিব পৰাকৈ অসমীয়া ভাষালৈ ভাঙি অসমীয়া সাহিত্য ভড়াল চহকী কৰে। কছাৰী ৰজাৰ লগত আসাম ৰজাৰ যুদ্ধ হোৱাত নগাওঁ অঞ্চলত কিছু অত্যাচাৰ হয় আৰু সেই বাবে ১৫৩০ খৃঃ আঃ ত শঙ্কৰদেৱ বৰদোৱা এৰি মাজুলীৰ বেলগুৰি আদি ঠাইত প্ৰায় ১২ বছৰ থাকি ১৫৪২ চনত বৰপেটালৈ যায়। তেওঁ বেলগুৰিত থাকোতেই তেওঁৰ অন্তৰঙ্গ শিষ্য আৰু ধৰ্ম্ম প্ৰচাৰৰ প্ৰধান সহায় মহাপুৰুষ মাধৱদেৱ আহি তেওঁৰ লগ লাগে। ১৫৬০ চনলৈকে শঙ্কৰদেৱ বৰপেটাত থাকে, পাছে তাৰ পৰা কোচবিহাৰলৈ যায় আৰু কোচবিহাৰতে ১৫৬৮ চনত স্বৰ্গী হয়। শঙ্কৰদেৱে লিখা পুথিবিলাক এই, হৰিশ্চন্দ্ৰ; উদ্ধৱ সংবাদ; চিহ্নযাত্ৰা; ভাগৱতৰ প্ৰথম, দ্বিতীয়, অষ্টম, একাদশ, দ্বাদশ স্কন্ধ আৰু দশমস্কন্ধৰ আদিভাগ; কীৰ্ত্তন; ৰামায়ণ, উত্তৰাকাণ্ড; ৰুক্মিণীহৰণ; উৎকলমালা; নিমিনৱসিদ্ধসম্বাদ; বৈষ্ণৱামৃত; ' অনাদি পাতন; ভক্তিপ্ৰদীপ; ভক্তিৰত্নাকৰ (সংস্কৃত), লীলামালা; 'অজামিলোপাখ্যান; নামমালিকা; প্ৰেমকলসী ঘোষা; কুৰুক্ষেত্ৰ; বলিছলন; কালীয়দমন নাট; পাৰিজাতহৰণ নাট; সীতা-স্বয়ম্বৰ নাট; কোটোৱা খেলা নাট; গোৱালী পাৰা নাট; ৰাসযাত্ৰা নাট; পত্নীপ্ৰসাদ নাট।]