পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৬৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭০০
অসমীয়া সাহিত্যৰ চানেকি।

যদি লৈয়া যায়ো   তেবে নাশ হয়ো,
  বংশ সমে অধোগতি।
এতেকে আমাক   এড়ুয়াইবে লাগি,
  পাছতে আসা সম্প্ৰতি॥
দেখাৱো নেদিবা   লুকাইয়া থাকিবা,
  পাত্ৰসম আলচিবো।
তোমাৰ ভক্তক   গোপাল বুলিয়া,
  দেখাইবো ততো নেদিবো॥
এহিমতে আনো   কথা আলিচিয়া,
  দেবৰ বচন ধৰি।
কতটি ভক্তক   মেলি চলি গৈলা
  পলাইবাৰ ঢল কৰি॥
চেঙ্গধৰা যাই   ভক্তক যোগাই,
  ৰাজাত সবে কহিলা।
ৰাজায়ে শুনিলা   ক্ৰোধতো জ্বলিলা,
  সবাকে কাটিবে দিলা॥
দেৱ গোপালক   ভণ্ডাৰী গোহাই,
  গদাধৰে নিয়াইলেক।
বলভদ্ৰ আতা   মইসে গোপাল,
  বুলি গাৱ পাতিলেক॥
মৰাণে ধৰিলা   ভকতে জানিলা,
  আমাক আৰে মাৰয়।
আতি উচ্চ কৰি   মুখ ভৰি ভৰি,
  ৰাম কৃষ্ণ উচ্চৰয়॥
কাৰো ভয় নাই   কৃষ্ণ নাম গাই,
  থাকন্তে সবে মৰিলা।
লোকেও জানিলা   গোপাল দেবৰ
  শৰীৰ তথা পড়িলা॥