তোমাৰ মুখৰ বাণী জানিয়া হেন বা ধৰি।
তবে ইতো দুৰ্ঘোৰ সংসাৰ।
নমো নমো দোৱাঁই মাথ হে বাপ জগন্নাথ
কৰা গতি সম্প্ৰতি আমাৰ॥
দেৱতাৰ তৃপ্তি হুই অৰুণ চৰণ দুই
ময় থাকো খনেক নিৰখি।
মহা ভাগ্য দূৰে গৈল আজি পৰিছেদ ভৈল
তোমাৰ আমাৰ দেখা দেখি॥
কতবা পুণ্যৰ ফলে সাক্ষাতে সুধিব পালে
দিয়ে সিদ্ধান্ত নাথ তুমি।
বিয়োগে আকুল কৰে ধাৰায়ে লোতক ঝৰে
কান্দন্ত উদ্ধৱ হুমাহুমি॥
ভকতৰ দেখি তাপ আকুল জগত বাপ
সলোকত নেত্ৰ ভৈল আতি।
নসহে হৃদয়ে দেখি শোক পৰিহৰা সখি
প্ৰবোধন্ত উদ্ধৱক মাতি॥
বোলন্ত মধুৰ বাণী, তাপ তেজ মহা মানী
তুমি মহা সুহৃদ আমাৰ।
জানা মায়াময় ইতো সংশয় পুছিলা যিতো
শুনিয়ো উত্তৰ তুমি তাৰ॥
জ্ঞান গতি কয়ে বেদ লৈয়া তাৰ পৰিছেদ
আছে জ্ঞান ভকতিৰ মাঝে।
ভকতি কৰন্তে জান আপনি ওপজে জ্ঞান
যোগ চিন্তি মৰে নিজ বাক্য॥
আৰু কি তোমত বাঝে জ্ঞানত নাহিকে কাজ
কেৱলে ভকতি তৰে লোক।
হৃদয়ত ৰূপ ধৰি মোৰ গুণ নাম স্মৰি
পাৱে অপ্ৰয়াসে আসি মোক॥
পৃষ্ঠা:অসমীয়া সাহিত্যৰ চানেকি v2p1.pdf/৬৯
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
একাদশ স্কন্ধ।